কোনো এটা চৰিত্ৰত অভিনয়ৰ বাবে অভিনেতাসকলে বহু সময়ত নিজকে সলনি কৰিবলগীয়া হয় । কেতিয়াবা চৰিত্ৰটোৰ সফল ৰূপায়নৰবাবে ওজন বৃদ্ধি বা কম কৰিবলগীয়া হয় । কেতিয়াবা চৰিত্ৰটোৰ বাবে মূৰৰ চুলিবোৰ চুটিকৈ কাটিব লগা হয়। কিন্তু অভিনেত্ৰী জাহ্নৱী কাপুৰে ছবিৰ বাবে এটা কাম কেতিয়াও নকৰে বুলি প্ৰতিশ্ৰুতি দিছে। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছে ৷
সাক্ষাৎকাৰত সোধা হৈছিল ছবি এখনৰ বাবে তেওঁ কেতিয়াও নকৰা কাম আছেনে? উত্তৰত অভিনেত্ৰীগৰাকীয়ে কয় যে চৰিত্ৰটোৰ প্ৰয়োজন হ’লেও কেতিয়াও তেওঁ মুণ্ডন নকৰে ৷ এটা চৰিত্ৰত অভিনয়ৰ সময়ত জাহ্নৱীয়ে কান্ধত আঘাত পাইছিল। ৰক্তক্ষৰণো হৈছিল। এনে কঠিন কাম কৰিবলৈ সাজু যদিও কেতিয়াও মুণ্ডন নকৰে বুলি তেওঁ সাক্ষাৎকাৰটোত কয় ৷ ইয়াৰ মূল কাৰণটো হ’ল অভিনেত্ৰীগৰাকীৰ মাতৃ শ্ৰীদেৱীয়ে কন্যাৰ দীঘল চুলিখিনি ভাল পাইছিল।
জাহ্নৱীয়ে কয়, “এতিয়া টেকন’লজিৰ জৰিয়তে তপা মুৰ দেখুৱাব পাৰি ৷ কাম কৰি থাকোঁতে মই কান্ধত আঘাত পাইছিলোঁ। ৰক্তক্ষৰণ হৈছে। হাড় ভাঙিছিল ৷ নিজৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছো। কিন্তু মই মোৰ চুলি কাটিব নোৱাৰো।” জাহ্নৱীৰ আগন্তুক ছবি ‘উলঝ’ মুক্তি পাবলৈ সাজু হৈছে। এই প্ৰসংগত অভিনেত্ৰীগৰাকীয়ে কয়, ‘‘উলঝ’ৰ বাবেও পৰিচালকে মোক চুলি চুটি কৰিবলৈ কৈছিল। মই কাটিব পৰা নাছিলো পৰিচালকৰ লগত এই বিষয়ে বহুত আলোচনা হৈছিল।”
অভিনেত্ৰীগৰাকীয়ে কয় যে ধড়কৰ শ্বুটিঙৰ সময়ত চুলি কটাৰ বাবে মাতৃ শ্ৰী দেৱীয় অসন্তুষ্ট হৈছিল ৷ তেওঁ কয় –“মাৰ কঠোৰ নিৰ্দেশ আছিল যে মই কোনো চৰিত্ৰৰ বাবে চুলি কাটিব নালাগে। মোৰ চুলিখিনিৰ বাবে মায়ে বৰ গৌৰৱ কৰিছিল। গতিকে মই মোৰ চুলি কেতিয়াও চুটি নকৰো।”