বিশ্বৰ প্ৰথম এভাৰেষ্ট পৰ্বতাৰোহী টেনজিং নোৰাগৰ ওপৰত এখন জীৱনভিত্তিক ছবি নিৰ্মাণ কৰা হৈছে। ১৯৫৩ চনত ছাৰ এডমাণ্ড হিলাৰী আৰু শ্বেৰপা টেনজিং এভাৰেষ্টৰ শিখৰত উপনীত হয়। এইবাৰ ডাঙৰ পৰ্দাত দেখা যাব নেপালী শ্বেৰপাৰ জীৱনী।
হলিউডত নিৰ্মাণ কৰা হৈছে ছবিখন। ছবিখনৰ নাম ‘টেনজিং’। ছবিখনৰ পৰিচালক জেনিফাৰ পিডং। ইয়াৰ পূৰ্বে তেওঁ ‘শ্বেৰপা’, ‘মাউণ্টেন’ আৰু ‘ছল’’ ছবি পৰিচালনা কৰিছিল। এইবাৰ তেওঁৰ টাৰ্গেট হৈছে টেনজি। সূত্ৰৰ পৰা জানিব পৰা মতে, পৰিয়ালৰ সদস্যৰ পৰা টেনজিঙৰ জীৱন কাহিনী শুনি পৰিচালকে ছবিখন নিৰ্মাণৰ সিদ্ধান্ত লয়। টেনজিঙৰ পৰিয়ালেও তেওঁক কৃতিত্ব দিয়ে। নিৰ্মাতাসকলে জনোৱা মতে, ছবিখনত ‘পুৰ থিংছ’ খ্যাতিৰ অভিনেতা উইলেম ডিফ’ আৰু ‘লোকি’ খ্যাতি টম হিডলষ্টোনে অভিনয় কৰিব। ছবিখনত হিলাৰীৰ চৰিত্ৰত অভিনয় কৰিব টমে। আনহাতে, উইলেমে ব্ৰিটিছ অভিযানৰ নেতা জন হাণ্টৰ চৰিত্ৰত অভিনয় কৰিব।
অৱশ্যে টেনজিঙৰ চৰিত্ৰত কোনে অভিনয় কৰিব সেয়া এতিয়াও ঠিক কৰা হোৱা নাই ৷ এই চৰিত্ৰটোৰ অভিনেতাজনৰ সন্ধান চলি আছে বুলি নিৰ্মাতাসকলে জনাইছে। যি মুহূৰ্তত ই চূড়ান্ত হ’ব, সেই মুহূৰ্ততে তেওঁলোকে ঘোষণা কৰিব। পঞ্চাশৰ দশকত দুজন সাহসী পৰ্বতাৰোহীয়ে কেনেকৈ সকলো বিপদৰ বিপৰীতে এভাৰেষ্ট জয় কৰিছিল, এই ৰোমাঞ্চকৰ অভিযানক ছবিখনত আলোকপাত কৰা হ’ব।