সোমবাৰে সন্ধিয়া প্ৰযোজক ভূষণ কুমাৰ , পৰিচালক ওম ৰাউতকে আদি কৰি আদিপুৰুষৰ নিৰ্মাতা সকলে সামাজিক মাধ্যম যোগে এই কথা জনাই যে তেওঁলোকে ১ মাৰ্চৰ পুৱা ৭.১১ বজাত এটা ডাঙৰ ঘোষণা কৰিব। তেতিয়াৰ পৰাই, ঘোষণাটো কি হ’ব পাৰে সেই বিষয়ে সামাজিক মাধ্যমত এক চৰ্চা চলি আছিল ৷ অৱশ্যে শেহতীয়াকৈ জানিব পৰা মতে দলটো বৰ্তমান এই সিদ্ধান্তত উপনীত হৈছে যে প্ৰভাস, চেইফ আলী খান আৰু কৃতি চাননে অভিনয় কৰা নৱ নিৰ্মিত ছবি ‘আদিপুৰুষে’ ২০২৩ বৰ্ষৰ মকৰ সংক্ৰান্তিত ডাঙৰ পৰ্দাত মুক্তি লাভ কৰিব ।
“প্ৰযোজক ভূষণ কুমাৰ আৰু তেওঁৰ দলটোৱে প্ৰভাস আৰু ওম ৰাউতৰ সৈতে ছবিখনৰ মুক্তিৰ বাবে দশেৰা, দেৱালীৰ পৰা ধৰি খ্ৰীষ্টমাছ আৰু সংক্ৰান্তি/পোংগল আদি কেইবাটাও দিনৰ বিষয়ে আলোচনা কৰি অৱশেষত ১৩ জানুৱাৰী, ২০২৩ তাৰিখে ছবিখন মুক্তি দিব বুলি এক সিদ্ধান্তত উপণীত হৈছে,” ৷ অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত মুক্তি পোৱা এখন চলচ্চিত্ৰৰ বাবে সংক্ৰান্তি হৈছে আটাইতকৈ ডাঙৰ সময়, আনহাতে ‘পোংগল’ত ছবিখনে মুক্তি লাভ কৰিলে তামিলনাডুত যথেষ্ট সহাৰি লাভ কৰিব বুলি তেওঁলোক আশাবাদী। হিন্দী বজাৰখনো সংক্ৰান্তিৰ সপ্তাহত ফিচাৰ ফিল্মৰ বাবে ফলপ্ৰসূ বুলি কোৱা হয় কিয়নো ইউআৰআই আৰু তানহাজীৰ দৰে চলচ্চিত্ৰই ২০০ কোটিটকাৰো অধিক উপাৰ্জন কৰিবলৈ আগবাঢ়িছে।
” হিন্দী, তামিল বা তেলেগু ভাষাত মুক্তিৰ বাবে এতিয়ালৈকে কোনো চলচ্চিত্ৰই আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই ৷ চলচ্চিত্ৰখনৰ মুক্তিৰ বাবে আকাংক্ষিত উৎসৱৰ বতৰটো নিৰ্ধাৰণ কৰা তেওঁলোকৰ খনেই প্ৰথম খন ছবি বুলি সূত্ৰটোৱে প্ৰকাশ কৰে আৰু লগতে কয় যে ৰামায়ণৰ ওপৰত এই পদক্ষেপে সমগ্ৰ বিশ্বৰ দৰ্শকসকলৰ বাবেই অভূতপূৰ্ব হ’ব ৷
ইফালে জনপ্ৰিয় অভিনেতা প্ৰভাস বৰ্তমান তেওঁৰ আন এখন ছবি ৰাধে শ্যামৰ মুক্তিৰ বাবে সাজু হৈছে। ছবিখনে ১১ মাৰ্চত মুক্তি লাভ কৰিব। তেওঁৰ হাতত বৰ্তমান আছে ছালাৰ, প্ৰজেক্ট কে আৰু দিল ৰাজুকে আদি কৰি কেইবাখনো চলচ্চিত্ৰ ৷ অৱশ্যে ছালাৰৰ মুক্তিৰ বিষয়ে এতিয়াও সবিশেষ জানিব পৰা হোৱা নাই ৷