১২ বছৰ বয়সতে অভিনয় জীৱনৰ পাতনি মেলা ভাৰতৰ এগৰাকী জনপ্ৰিয় অভিনেতা ঋতুৰাজ সিঙে চিকিৎসাধীন হৈ থকা অৱস্থাতে সোমবাৰে নিশা চিকিৎসলয়ত শেষ নিস্বাস ত্যাগ কৰে ৷ অভিনেতা গৰাকীৰ অকাল বিয়োগৰ শোকাবহ বাতৰিয়ে সেয়েহে যেন শোকস্তব্ধ কৰিছে অভিনয় জগতত ৷
৫৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে হিন্দী টেলিভিছনৰ জনপ্ৰিয় ধাৰাবাহিক ‘অনুপমা’ খ্যাত অভিনেতা গৰাকীয়ে। জানিব পৰা মতে, কিছুদিন পূৰ্বে অগ্নাশয়ৰ কিছু সমস্যাৰ বাবে ঋতুৰাজক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও ক্ৰমাৎ তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছিল।
সোমবাৰে নিশা চিকিৎসালয়ত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে জনপ্ৰিয় অভিনেতা গৰাকীয়ে । ঘনিষ্ঠ বন্ধু তথা অভিনেতা অমিত ভেলে নিশ্চিত কৰিলে ঋতুৰাজৰ মৃত্যুৰ খবৰ।
ইতিমধ্যে সামাজিক মাধ্যম এক্সৰ যোগেদি শোক প্ৰকাশ কৰি প্ৰিয় অভিনেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে তেওঁৰ বহু অনুৰাগীয়ে ।
‘য়েহ ৰিস্তা ক্যা কেহলাতা হায়’, ‘কুটুম্ব’, ‘অভয় ৩’ আৰু ‘নেভাৰ কিছ ইউৰ বেষ্ট ফ্ৰেণ্ড’ আদি জনপ্ৰিয় টিভি ধাৰাবাহিকৰ বাবে সুপৰিচিত অভিনেত ঋতুৰাজ সিং। ৰূপালী গাংগুলীৰ জনপ্ৰিয় ধাৰাবাহিক ‘অনুপমা’ খ্যাত শক্তিশালী অভিনেতা গৰাকীয়ে ‘সত্যমেৱ জয়তে ২’, ‘বদ্ৰীনাথ কি দুলহনিয়া’ আদিৰ দৰে ছবিতো অভিনয় কৰি দৰ্শকক মুগ্ধ কৰিছিল।‘বদ্ৰীনাথ কি দুলহনিয়া’ ছবিখনত তেওঁ বৰুণ ধাৱনৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল জনপ্ৰিয় তাৰকা অভিনেত্ৰী আলিয়া ভাটে ।
পূৰ্বতে হিন্দুস্তান টাইমছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ঋতুৰাজ সিঙে টেলিভিছন আৰু বলীউডত নিজৰ যাত্ৰাৰ কথা কৈছিল যে সৰু পৰ্দাত তেওঁ প্ৰায় সকলো চেনেলৰ বাবেই কাম কৰিছে আৰু প্ৰতিজন প্ৰযোজক,পৰিচালকে তেওঁক একাধিকবাৰ মন পেলাইছে। সেয়েহে এটা কাম শেষ কৰাৰ আগতে তেওঁৰ হাতত সদায় আন এটা কাম নিশ্চিত ভাৱে থাকে ৷
তেওঁ লগতে কৈছিল যে ১২ বছৰ বয়সত শিশু থিয়েটাৰ গ্ৰুপৰ পৰা তেওঁ অভিনয় জীৱনৰ পাতনি মেলিছিল আৰু ১৭ বছৰ বয়সত তেওঁ বেৰী জনৰ গ্ৰুপত যোগদান কৰিছিল আৰু তেওঁৰ সৈতে ১২ বছৰ ধৰি থিয়েটাৰ কৰিছিল৷ তাৰ পিছত ১৯৯৩ চনত দুখন ইংৰাজী ছবিতো অভিনয় কৰিছিল এইগৰাকী অভিনেতাই ৷
সুদীৰ্ঘ ২৫ বছৰ ধৰি শক্তিশালী অভিনয়েৰে অভিনয় জগতত এক সুকীয়া আসন দখল কৰা এইগৰাকী মহান অভিনেতাৰ অৱদান সমগ্ৰ ভাৰতবাসীয়ে চিৰদিন সুঁৱৰিব ৷
কৰ্মৰ দ্বাৰাই অভিনয় জগতত সদায় জিলিকি থাকক অভিনেতা ঋতুৰাজ সিঙৰ নাম !