অহা ১৯ ফেব্ৰুৱাৰীত বলিউডৰ জনপ্ৰিয় অভিনেতা তথা পৰিচালক ফাৰহান আখটাৰ আৰু শিবানী দাণ্ডেকাৰৰ পৰম্পৰাগত বিবাহ সম্পন্ন হ’ব বুলি ইতিমধ্যে বিশেষ সূত্ৰৰ যোগেদি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি দম্পতীহালে এই শনিবাৰে ফাৰ্মহাউচত পৰম্পৰাগতভাৱে বিবাহপাশত আৱদ্ধ হ’ব।
অভিনেতা ফাৰহান আখটাৰ আৰু শিবানী দাণ্ডেকাৰে ২১ ফেব্ৰুৱাৰীত সামাজিকভাৱে বিবাহ পাশত আৱদ্ধ হ’ব, কিন্তু ১৯ ফেব্ৰুৱাৰীত মহাৰাষ্ট্ৰতো পৰম্পৰাগতভাৱে তেওঁলোকৰ এখন বিবাহ সম্পন্ন হ’ব। জানিব পৰা মতে মহাৰাষ্ট্ৰৰ খাণ্ডালাত আখটাৰৰ ফাৰ্মহাউচত শনিবাৰে এক পৰম্পৰাগত অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব ৷
এই বিয়াখনত তেওঁলোকে আনকি সংবাদ মাধ্যমৰ উপস্থিতিও বিছৰা নাই বুলি জানিব পৰা গৈছে। কেৱল পৰিয়ালৰ সদস্যসকলক আমন্ত্ৰণ জনোৱা হৈছে এই পৰম্পৰাগত বিবাহ অনুষ্ঠানলৈ । ইয়াক কেনেদৰে পৰিকল্পনা কৰা হৈছে সেয়া এতিয়াও স্পষ্ট নহয় যদিও এইখন এখন মহাৰাষ্ট্ৰীয় পৰম্পৰাৰ বিবাহ হ’ব বুলি অনুধাৱন কৰিব পাৰি ৷
পৰিয়ালটো ১৮ ফেব্ৰুৱাৰীৰ সন্ধিয়া খাণ্ডালালৈ ৰাওনা হ’ব, আৰু পিছদিনা দিনৰ ভাগত এই পৰম্পৰাগত বিবাহ অনুষ্ঠান সম্পন্ন কৰা হ’ব। প্ৰায় চাৰি বছৰীয়া এক সুন্দৰ সম্পৰ্কৰ পিছত দম্পতীহালে ২১ ফেব্ৰুৱাৰীত তেওঁলোকৰ বান্দ্ৰাৰ ঘৰত বিবাহ পঞ্জীয়ন কৰিব আৰু সন্ধিয়ালৈ বন্ধু আৰু সহকৰ্মীসকলৰ বাবে এক অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত কৰিব ।
শেহতীয়াকৈ, আখটাৰে ইনষ্টাত তেওঁৰ বন্ধুবৰ্গৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছিল, যিয়ে মানুহক আচৰিত কৰি তুলিছিল যে এইটো তেওঁৰ বেচেলৰ বেছৰ পৰা আছিল নেকি। আমোদজনক ভাৱে, দাণ্ডেকাৰও দলটোৰ অংশ আছিল।
ইয়াৰ আগতে এটা সাক্ষাৎকাৰত আখটাৰৰ দেউতাক আৰু প্ৰবীণ গীতিকাৰ জাভেদ আখটাৰে বিয়াখনৰ কথা নিশ্চিত কৰি কৈছিল, “হয়, বিয়াখন অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে।কিন্তু বাকী সকলো প্ৰস্তুতি বিবাহ পৰিকল্পনাকাৰীসকলে কৰি আছে।”