পিতৃয়ে প্ৰযোজনা কৰা ছবিত এইবাৰ নতুন ৰূপত দেখা যাব ফ্ৰয়াত অভিনেত্ৰী শ্ৰীদেৱীৰ কন্যা জাহ্নৱী কাপুৰক ৷ মিলি নামৰ নতুন ছবিখনত দেখা যাব জাহ্নৱীক ৷ নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত তেওঁ শ্বেয়াৰ কৰিছে আগন্তুক ছবি মিলিৰ প্ৰথম লুক। বুধবাৰে অভিনেত্ৰী গৰাকীয়ে তেওঁৰ ছবিখনৰ দুখন বেলেগ বেলেগ পোষ্টাৰ শ্বেয়াৰ কৰি তেওঁৰ চৰিত্ৰৰ সবিশেষ আৰু ছবিখনৰ মুক্তিৰ তাৰিখ প্ৰকাশ কৰে। মিলিৰ দ্বিতীয়খন পোষ্টাৰতো উল্লেখ কৰা অনুসৰি অহা ৪ নৱেম্বৰত ছবিখন মুক্তি পাব।
মাথুকুট্টি জেভিয়াৰৰ দ্বাৰা পৰিচালিত মিলি হৈছে ২০১৯ চনৰ মালয়ালম ছবি হেলেনৰ হিন্দী ৰিমেক ৷ য’ত আন্না বেনে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল । মূল ছবিখনো পৰিচালনা কৰিছিল চলচ্চিত্ৰ নিৰ্মাতা মাথুকুট্টি জেভিয়াৰে। ইতিমধ্যে হেলেন তামিল ভাষাত পুনৰ নিৰ্মাণ কৰা হৈছে। কানাড়া আৰু তেলেগু ভাষাতো ৰিমেক নিৰ্মাণৰ কাম চলি আছে বুলি জানিব পৰা গৈছে।
জানহৱীৰ পিতৃ বনী কাপুৰে প্ৰযোজনা কৰিছে এই ছবিখন। ২০১৮ চনত ঈশান খাট্টাৰে অভিনয় কৰা ধাকাড় ছবিৰে বলীউডত অভিষেক ঘটোৱা জাহ্নৱী কাপুৰক শেষবাৰৰ বাবে দেখা গৈছিল ডিজনী প্লাছ হটষ্টাৰ ছবি গুড লাক জেৰীত। মিলিৰ বাহিৰেও চলচ্চিত্ৰ নিৰ্মাতা কলিন ডি’কুনহাৰ ‘দোস্তানা ২’, চৰণ শৰ্মাৰ ‘মিষ্টাৰ এণ্ড মিচেছ মাহী’ত দেখা যাব জাহ্নৱীক ৷