বলীউডৰ অন্যতম বিখ্যাত আৰু জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন । অস্কাৰৰ দৰে বিশ্বমানৰ মঞ্চত তেওঁ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশক তেওঁ গৌৰৱান্বিত কৰিছে ৷কিন্তু এই তাৰকা গৰাকী মাজে মাজে সোমাই আহিছে ৰাজনৈতিক বিতর্কত ৷ বিশেষকৈ ৰাজনৈতিক বিতৰ্কত তেওঁ সাঙোৰ খাইছে । একাধিক কাৰণত অভিনেত্ৰীগৰাকীয়ে কেইবাবাৰো ৰাজনৈতিক বিতৰ্কৰ সন্মুখীন হ’বলগীয়া হৈছিল। এই সকলোবোৰ বিতৰ্কৰ দ্বাৰা তেওঁ কিমান প্ৰভাৱিত হৈছে? শেহতীয়াকৈ দীপিকা পাডুকনে এক সাক্ষাৎকাৰত এই বিষয়ে মুকলিকৈ কয়।
‘পদ্মাৱত’ৰ পৰা ‘পাঠান’লৈ – দীপিকাৰ ছবি বহু বিতৰ্কৰ বিষয় হৈ পৰিছে। ছবিখনৰ নিৰ্মাতাসকলে ‘পদ্মাৱত’ৰ মুক্তিক লৈ সমস্যাৰ সন্মুখীন হৈছিল ৷ আনকি দীপিকাই নিজেও কৰ্ণী সেনাৰ ক্ৰোধৰ সন্মুখীন হ’বলগীয়া হৈছিল। মৃত্যুৰ ভাবুকিও লাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত দীপিকাই জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়লৈ গৈ ছাত্ৰ-ছাত্ৰীৰ কাষত থিয় দিছিল। তাৰ মাজতে বিতৰ্কৰ সৃষ্টি হৈছিল। শেহতীয়াকৈ দীপিকাই ‘পাঠান’ ছবিৰ ‘বেছৰাম ৰং’ গীতটোৰ পোচাকক লৈ বিতৰ্কৰ ধুমুহা সৃষ্টি হৈছিল। এই বিতৰ্কৰ বাবে বজৰং দলৰ দৰে ৰাজনৈতিক সংগঠনেও ছবিখন বৰ্জনৰ আহ্বান জনায়। এনে একাধিক ৰাজনৈতিক বিতৰ্কৰ প্ৰভাৱ তেওঁৰ কেৰিয়াৰত পৰিছেনে? প্ৰশ্নৰ উত্তৰ দিওঁতে দীপিকা প্ৰায় নিমাত হৈ পৰে। তেওঁ কয় “ ইয়াৰ প্ৰতি মোৰ কেনে অনুভৱ হ’ব লাগে নাজানো ৷ কিন্তু সঁচা কথাটো হ’ল মোৰ একো অনুভৱ নহয়।”
কেইমাহমানৰ আগতে অস্কাৰৰ মঞ্চত দীপিকাক দেখা গৈছিল ৷ক’লা গাউন পিন্ধি অস্কাৰৰ মঞ্চলৈ আহিছিল অভিনেত্ৰীগৰাকী। ‘আৰ আৰ আৰ’ ছবিৰ ‘নতু নাতু’ গীতটো পৰিবেশনৰ পূৰ্বে মঞ্চত উপস্থিত হৈছিল। সম্প্ৰতি দীপিকা বলীউডৰ অভিনেতা হৃতিক ৰোশনৰ সৈতে তেওঁৰ পৰৱৰ্তী ছবি ‘ফাইটাৰ’ৰ শ্বুটিঙত ব্যস্ত। শীঘ্ৰে দক্ষিণৰ তাৰকা প্ৰভাস আৰু অমিতাভ বচ্চনৰ সৈতে ‘প্ৰজেক্ট কে’ত দেখা যাব।