অসমত বহুল ভাৱে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা ‘গল্পকথা’ এক অনন্য অনুষ্ঠান যি বৰ্তমান সময়ত অসমৰ বাহিৰতো সমাদৃত হৈছে ৷অসমৰ এজন আগশাৰীৰ কবি,লেখক,গল্পকাৰ অতনু ভট্টাচাৰ্য আৰু প্ৰসিদ্ধ কণ্ঠশিল্পী মিতালী দে’ৰ গল্প আৰু কবিতাৰ যুগলবন্দী এই ‘গল্পকথাই বৰ্তমান সময়ত ৰাজ্যৰ বাহিৰতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷’গল্পকথা’ৰ অনুষ্ঠানটিৰ ৰসাস্বাদন কৰা সকলেহে প্ৰকৃতাৰ্থত ইয়াক অনুধাৱন কৰিব পাৰে আৰু বাৰে বাৰে মোহত পৰে এই ‘গল্পকথা’ৰ ৷
অসমৰ লগতে দেশৰ অন্যান্য ৰাজ্যতো অনুষ্ঠানটোৱে প্ৰসাৰতা লাভ কৰাৰ বাতৰিয়ে আনন্দিত কৰিছে গল্পকথাৰ প্ৰতিজন অনুৰাগীক ৷
শেহতীয়াকৈ সামাজিক মাধ্যম ফেচবুক যোগে বিশিষ্ট সাহিত্যিক,গল্পকাৰ অতনু ভট্টাচাৰ্যই নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি কয় যে কালিৰ দিনটো অৰ্থাৎ ৰবিবাৰৰ দিনটো গল্পকথাৰ বাবে আছিল এটা ব্যতিক্ৰমী, সুন্দৰ, স্মৰণীয় দিন৷ হিমাচল প্ৰদেশৰ ডেলহাউছি নামৰ পাহাৰীয়া, সৰু চহৰখনত গল্পকথা পৰিৱেশন কৰিবলৈ তিনিটা অসমীয়া গল্প লৈ গৈছিল তেওঁলোকে৷ গল্পকেইটা আছিল ক্ৰমে ড০ ভবেন্দ্ৰনাথ শইকীয়াৰ ’গহ্বৰ, তপন দাসৰ ’মেঘমল্লাৰ’,আৰু অনুৰাধা শৰ্মা পূজাৰীৰ ’নো মেনছ্ লেণ্ড’৷
লগতে তেওঁ কয় যে ইয়াৰ পূৰ্বেও কেইবাৰমান অসমৰ বাহিৰত গল্পকথা কৰিছিল যদিও এইবাৰৰ ‘গল্পকথা’ আছিল অলপ সুকীয়া ৷ কাৰণ এইবাৰ প্ৰথমবাৰৰ বাবে ‘গল্পকথা’ৰ আয়োজন কৰিছিল অসমৰ সৈতে কোনো সম্পৰ্ক নথকা ’কহানী পঞ্জাৱ’ নামৰ এখন পঞ্জাৱী আলোচনী আৰু ’ৰাম স্বৰূপ অন’খী স্মৃতি কহানী গোষ্ঠীয়ে ৷ তেওঁলোকৰ সমুখত নাছিল এজনো অসমীয়াভাষী শ্ৰোতা৷ ভাৰতবৰ্ষৰ ১১খন ৰাজ্যৰ পৰা অহা আমন্ত্ৰিত গল্পকাৰ, আলোচক, অভিনেতা, কণ্ঠশিল্পী, বাদ্যশিল্পী আৰু চলচ্চিত্ৰ পৰিচালকৰ সমুখত যেতিয়া দুয়ো অসমীয়া গল্প পৰিৱেশন কৰাৰ সময়ত তেওঁলোকে লক্ষ্য কৰিছিল শ্ৰোতা-দৰ্শকৰ চকুত বিহ্বলতা যাৰ বাবে অসমীয়া গল্পক লৈ গৰ্বিত হৈছিল দুয়ো৷
আনহাতে তেওঁ এইকথাও উল্লেখ কৰে যে গল্পসমূহ হিন্দীত ক’বলৈ যোৱা দুমাহ কঠোৰ পৰিশ্ৰম কৰিছিল তেওঁলোকে ৷ আনহাতে দৰ্শকসকলৰ বাবেও এই ধৰণৰ অনুষ্ঠানৰ অভিজ্ঞতা আছিল প্ৰথম৷ গল্পকথাৰ অনুষ্ঠানটিত উপস্থিত দৰ্শক সকলে গল্পকথা তেওঁলোকৰ নিজৰ নিজৰ ৰাজ্যলৈ সম্প্ৰসাৰিত হোৱাৰ ইচ্ছা প্ৰকাশ কৰাত সুখী অনুভৱ কৰিছে মানুহৰ মাজত গল্পৰ সৌৰভ বিয়পাই মানুহক সুখী কৰাৰ হেঁপাহ লৈ আগবাঢ়ি যোৱা অসমৰ গৌৰৱ তথা বিশিষ্ট সাহিত্যিক অতনু ভট্টাচাৰ্য আৰু শিল্পী মিতালী দেএ ৷