জীৱন মানেই সংগ্ৰাম ৷ প্ৰতিজন ব্যক্তিৰ সফলতাৰ আঁৰত থাকে জীৱন সংগ্ৰামৰ তেনে বহু কাহিনী ৷ গিপ্পি গ্ৰেৱাল পাঞ্জাৱী সংগীত আৰু পাঞ্জাৱী চলচ্চিত্ৰ উদ্যোগৰ এক অন্যতম জনপ্ৰিয় ব্যক্তিত্ব। তেওঁ এজন ভাল গায়ক, অভিনেতা, গীতিকাৰ আৰু পৰিচালক। পাঞ্জাৱী গানৰ বাবে জনাজাত গিপ্পি গ্ৰেৱালৰো আছে তেনে এক কাহিনী ৷
তেওঁ নিজমুখেই নিজৰ জীৱন সংগ্ৰামৰ কথা সকলোকে অৱগত কৰি ক’লে যে তেওঁ সংগীতৰ কেৰিয়াৰ আৰম্ভ কৰাৰ আগতে তেওঁ কানাডাত শৌচালয় পৰিষ্কাৰ কৰিছিল আৰু ইয়াৰ বাবে তেওঁ অতিৰিক্ত দৰমহা পাইছিল আৰু সুখেৰে কাম কৰিছিল ৷
ইয়াৰ ওপৰিও কানাডাত বাতৰি কাকত বিতৰণ কৰিছিল গিপ্পি গ্ৰেৱালে ৷ তেওঁ কৈছিল যে এই কামে তেওঁক তেওঁৰ পত্নীৰ সৈতে সুখী জীৱন যাপন কৰাত সহায় কৰিছিল। অৱশ্যে পাঞ্জাৱী মনোৰঞ্জন উদ্যোগত কৰ্মজীৱন আৰম্ভ কৰাৰ বাবে তেওঁ পিছত ভাৰতলৈ স্থানান্তৰিত হৈছিল।
পৰৱৰ্তী সময়ত আহিবলগীয়া ছবি ‘হনিমুন’ত যছমিন ভাছিনৰ বিপৰীতে দেখা যাব গিপ্পি গ্ৰেৱালক। অমৰ প্ৰীত ছাবৰাৰ দ্বাৰা পৰিচালিত ই এনে এটা পৰিয়ালৰ কাহিনী যি মধুচন্দ্রিকাৰ ধাৰণাটোৰ বিষয়ে অজ্ঞাত আৰু বিবাহৰ পিছত তেওঁলোকৰ প্ৰথম ভ্ৰমণত এহাল নৱবিবাহিত দম্পতীৰ সৈতে যোগদান কৰে। ছবিখন অহা ২৫ অক্টোবৰত মুক্তি লাভ কৰিব।
গুৰুত্বপূৰ্ণ যে এক সাক্ষাৎকাৰত গিপ্পীয়ে এইকথা আঙুলিয়াই দিছিল যে কেনেদৰে ভাৰতত শৌচাগাৰ পৰিষ্কাৰ কৰা বা এনে ধৰণৰ যিকোনো কাম কৰা লোকসকলক হীন চকুৰে চোৱা হয় । লগতে তেওঁ বলীউড হাঙ্গামাক কৈছিল যে এইটো আমাৰ দুৰ্ভাগ্য যে আমাক ‘শৌচাগাৰ পৰিষ্কাৰ কৰা কামটো এটা ভাল কাম নহয় বুলি সৰুৰে পৰাই শিকোৱা হয় ৷ লগতে ইয়াক হাতেৰে কৰা কামৰ দৰেও ভবা হয়।কিন্তু যেতিয়া তেওঁ কানাডাত আছিল তেওঁ শৌচাগাৰ পৰিষ্কাৰ কৰা কাম কৰিছিল য’ত মপিঙো অন্তৰ্ভুক্ত আছিল। শৌচালয়বোৰ পৰিষ্কাৰ কৰিবলৈ তেওঁ মপ ব্যৱহাৰ কৰিছিল আৰু তেওঁ অনুভৱ কৰিছিল যে এইটো এটা স্বাভাৱিক কাম যাৰ বাবে অতিৰিক্ত দৰমহাও লাভ কৰিছিল তেওঁ ৷
কানাডাত গিপ্পি আৰু তেওঁৰ পত্নী ৰাৱনীত দুয়ো সুখী আছিল। তেওঁলোক দুয়ো পুৱা ৪:৩০ বজাত সাৰ পাই বাতৰি কাকত বিতৰণ কৰিছিল। কিন্তু পঞ্জাৱৰ জনপ্ৰিয় গায়ক তথা অভিনেতা গিপ্পিয়ে বিশ্বাস কৰে যে ধনে জীৱনত সুখ ক্ৰয় কৰিব নোৱাৰে।