বন্ধুৰ ঘৰৰ পাৰ্টিত সাক্ষাৎ হোৱা যুৱতীক বিয়া কৰাব নেকি গায়ক বাদশ্বাহে ?বলীউডৰ কণ্ঠশিল্পী-ৰেপাৰ বাদশ্বাহৰ ব্যক্তিগত জীৱনৰ এক ঘটনাৰে পুনৰ শিৰোনাম দখল কৰিছে। তেওঁ অতি সোনকালে প্ৰেমিকা ঈশা ৰিখিৰ সৈতে বিয়াত বহিব । কেইবাদিনো ধৰি ঈশাৰ লগত বাদছাই ডেটিং কৰি আছে। ঈশা এগৰাকী পাঞ্জাবী অভিনেত্ৰী। পাৰ্টিত প্ৰথম সাক্ষাৎ হোৱাৰ পাছত দুয়োৰে মাজত গাঢ় হৈছে সম্পর্ক ৷
বাদশ্বাহৰ পূৰ্বে জেচমিনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ২০১৭ চনত তেওঁলোকৰ এগৰাকী কন্যাও জন্ম হৈছিল। কিন্তু ২০১৯ চনত এই সম্পৰ্ক বিচ্ছিন্ন হয়। কৰ’নাৰ বাবে লকডাউনৰ সময়ত তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল।
যদিও ৰেপাৰজনে নিজেই দ্বিতীয় বিবাহৰ খবৰটো অস্বীকাৰ কৰিছিল। ৰেপাৰজনে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত সংবাদমাধ্যমৰ খবৰ সন্দর্ভত লিখিছে, “মই আপোনালোকক সন্মান কৰো, কিন্তু এই সকলোবোৰ ভুৱা বাতৰি। মোৰ বিয়া হোৱা নাই। “
সেয়ে তেওঁৰ মতে বিবাহৰ খবৰটো একেবাৰে উৰাবাতৰি। কিন্তু প্ৰেমৰ সম্পর্কক লৈ অব্যাহত আছে চর্চা । বাদশ্বাহ আৰু ঈশাই নিজৰ সম্পৰ্কটো লাহে লাহে অগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে। ইজনে সিজনৰ লগত ভাল সময় কটাব বিচাৰিছে ৷