বলিউডৰ সুদর্শন নায়কসকলৰ অন্যতম হৈছে হৃত্বিক ৰোশন ৷ মঙলবাৰে হৃত্বিক ৰোশনে ৪৯ বছৰ সম্পূৰ্ণ কৰিলে। জন্মদিনতে অভিনেতা গৰাকীৰ পুনৰ বিবাহৰ খবৰে চর্চা লাভ কৰিছে । প্ৰথম পত্নী চুজেনৰ সৈতে বিচ্চেদ হোৱাৰ পিছত ছাবা নামৰ সুন্দৰী গৰাকীৰ সৈতে তেওঁ সময় পাৰ কৰি আহিছে ৷ একপ্ৰকাৰ দুয়ো মত্ত হৈ পৰিছে প্ৰেমত । সম্পর্কৰ আৰম্ভণিৰে পৰা তেওঁ কেতিয়াও নিজৰ প্ৰেমিকাক জনসাধাৰণৰ চকুৰ পৰা লুকুৱাই ৰখা নাছিল। ইতিমধ্যে দুয়ো একেলগে থাকিবলৈ আৰম্ভ কৰিছে। অভিনেতাজনে নতুন ফ্লেট এটাও ক্ৰয় কৰিছে । এইবাৰ অতি সোনকালে বিবাহ পাশতো আৱদ্ধ হ’ব দুয়ো ৷
অভিনেতাগৰাকীৰ ঘনিষ্ঠ মহলৰ মতে তেওঁ ছাবাৰ সৈতে অতি সুখী। ইয়াৰ বাহিৰেও হৃত্বিক ৰোশনৰ দুই পুত্ৰ ৰেহান-হৃদনেও চাবাক ভাল পায়। বৰ্তমান হৃত্বিক-ছাবাৰ হাতত কেইবাটাও কাম আছে। বছৰৰ শেষত কামৰ বোজা কমি যোৱাৰ লগে লগে তেওঁলোক বিয়াত বহিব । সমগ্ৰ পৰিয়ালটোৱে তেওঁলোকৰ বিয়াত উপস্থিত থাকিব। সম্পৰ্কৰ আৰম্ভণিৰে পৰাই ছাবাক ৰোশন পৰিয়ালে পচন্দ কৰি আহিছে ৷কিন্তু এই বিবাহত হৃতিকৰ প্ৰাক্তন পত্নী উপস্থিত থাকিব নে নাথাকিব সেয়া জানিব পৰা হোৱা নাই। অৱশ্যে বিবাহ বিচ্ছেদ হ’লেও দুয়োৰে বন্ধুত্ব এতিয়াও অক্ষত আছে। চুজেনৰ সৈতে ১৪ বছৰীয়া বিবাহৰ অন্ত পেলোৱাৰ পিছত তেওঁ বহুদিন অবিবাহিত আছিল। দুয়োৰে বন্ধুত্বৰ প্ৰতি লক্ষ্য ৰাখি চুজেন হৃত্বিক ৰোশন আৰু ছাবাৰ বিবাহত উপস্থিত থকাৰ সম্ভাৱনা আছে ৷