নব্বৈৰ দশকৰ জনপ্ৰিয় তাৰকা গোবিন্দ। মনোৰঞ্জনমূলক ছবিত তেওঁৰ আছে সুনাম । নব্বৈৰ দশকৰ কেইবাগৰাকীও আগশাৰীৰ অভিনেত্ৰীৰ সৈতেও তেওঁ কাম কৰিছে। ৰবিনা টণ্ডন, কৰিশ্মা কাপুৰ, মাধুৰী দীক্ষিতৰ দৰে অভিনেত্ৰীৰ সৈতে অভিনয় কৰি তেওঁ দৰ্শকক মনোৰঞ্জন দিছে। তাৰ ভিতৰত এগৰাকী নায়িকা গোবিন্দৰ প্ৰতি খুবেই আকৰ্ষিত আছিল। শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে কয় যে যদি তেওঁৰ আগতে বিয়া নহ’লহেঁতেন তেন্তে তেওঁ বলীউডৰ এগৰাকী সুন্দৰী অভিনেত্ৰীক বিয়া কৰালেহেঁতেন। কিন্তু কোন সেই নায়িকা?
ৰবীনা আৰু কৰিশ্মাৰ সৈতে গোবিন্দাই সর্বাধিক ছবিত অভিনতয় কৰিছে ৷ অভিনেত্ৰী দুগৰাকীৰ সৈতে তেওঁৰ পৰ্দাৰ আঁৰত অতি ভাল সম্পৰ্ক আছে। কিন্তু তেওঁ আন এগৰাকী বলীউডৰ অভিনেত্ৰীক বেছি ভাল পায়। তেওঁ হৈছে বলীউডৰ অভিনেত্ৰী মাধুৰী দীক্ষিত ৷ গোবিন্দই মাধুৰীৰ সৈতে ‘মহা সংগ্ৰাম’, ‘ইজ্জতদাৰ’, ‘পাপ কা এণ্ট’ত অভিনয় কৰিছিল। শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেতাজনে কয় যে যদি তেওঁৰ পত্নী সুনীতা তেওঁৰ জীৱনলৈ নাহিলহেঁতেন তেন্তে তেওঁ মাধুৰীক বিয়া কৰালেহেঁতেন।
সেই সাক্ষাৎকাৰত গোবিন্দৰ সৈতে পত্নী সুনীতাও উপস্থিত আছিল। তাত সুনীতাক সোধা হৈছিল, গোবিন্দৰ প্ৰিয় অভিনেত্ৰী কোন । সুনীতাই ক্ষন্তেকতে উত্তৰ দিয়ে মাধুৰী। ইয়াৰ পিছত মডাৰেটৰে গোবিন্দক সুধিলে যে যদি সুনীতাক বিয়া কৰাই নিদিলেহেঁতেন, কাক বিয়া কৰালেহেঁতেন? পত্নীৰ কথা উল্লেখ কৰি গোবিন্দে কয়, “সুনীতা নহ’লে মই মাধুৰীৰ প্ৰেমত পৰাৰ কথা ভাবিলোহেঁতেন। মই তেওঁক বিয়া কৰালোহেঁতেন।” অৱশ্যে গোবিন্দৰ পত্নীৰ খং উঠা নাছিল।