আন্তঃৰাষ্ট্ৰীয় ডিজিটেল ফ্লিম মেকিং প্ৰতিযোগিতাত গুৱাহাটীৰ ছুটি ছবি ‘পাহি’য়ে লাভ কৰিলে সোণৰ পদক। ‘পাহি’য়ে শ্ৰেষ্ঠ ছুটি ছবি সন্মান লাভ কৰা ২০ সংখ্যক ২৪ এফপিএছ ইণ্টাৰনেচনেল এনিমেচন এৱাৰ্ডছ প্ৰতিযোগিতাখনত দেশ বিদেশৰ ১৭০ খন ছুটি ছবিয়ে অংশ গ্ৰহণ কৰিছিল৷ ফিলিপাইনছ, থাইলেণ্ড, অষ্ট্ৰেলিয়া, ব্ৰিটেইনৰ প্ৰতিষ্ঠানেও প্ৰতিযোগিতাখনলৈ ছুটি ছবি প্ৰেৰণ কৰিছিল৷
আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ ডিজিটেল ফ্লিম মেকিং শাখাত সোণৰ পদক লাভ কৰা ছবিখন নিৰ্মাণ কৰিছিল গুৱাহাটীৰ মায়া একাডেমী অৱ এডভান্সড চিনেমেটিক চমুকৈ মেকৰ চান্দমাৰী শাখাই। শিশু শ্ৰমিকৰ সপোনক লৈ নিৰ্মাণ কৰা ছুটি ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে কণমানি শিল্পী স্পৃহা নেওগে।
শেহতীয়াকৈ মুম্বাইত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত আন বহু কেইটা শাখাৰ লগতে প্ৰতিযোগিতাখনৰ আটাইতকৈ আকৰ্ষণীয় শিতান ‘ডিজিটেল ফ্লিম মেকিং’ শিতানৰো পুৰস্কাৰ ঘোষণা কৰা হয়।
২৪ এফপিএছ ইণ্টাৰনেচনেল এনিমেচন এৱাৰ্ডছ অনুষ্ঠানত, ভাৰত উপ মহাদেশৰ লগতে আন কেইবাখনো দেশত বিস্তৃত হৈ থকা মূলত গ্ৰাফিক্স, এনিমেচন, ভিএফএক্স শিক্ষাৰ প্ৰতিষ্ঠান মেকৰ শাখা বা প্ৰতিষ্ঠান সমূহৰ লগতে প্ৰতিষ্ঠানখনৰ পৰা শিক্ষাগ্ৰহণ কৰা শিক্ষাৰ্থীৰ মাজত হোৱা বিভিন্ন শিতানৰ প্ৰতিযোগিতাৰ বঁটা প্ৰদান কৰা হয়৷ ২০০৩ চনৰে পৰা অনুষ্ঠিত হৈ অহা ২৪ এফপিএছ ইণ্টাৰনেচনেল এনিমেচন এৱাৰ্ডছ, এনিমেচন আৰু ভিজুৱেল ইফেক্টৰ ক্ষেত্ৰখনত সমগ্ৰ ভাৰত উপ মহাদেশীয় দেশসমূহৰ ভিতৰতে সন্মানীয় বঁটা প্ৰদান অনুষ্ঠান।
এইবাৰ ডিজিটিল ফ্লিম মেকিং শিতানত শ্ৰেষ্ঠত্বৰ দৌৰত আছিল সাতখন ছবি। মুম্বাই অন্ধেৰী ৱেষ্টৰ এ পাৰফেক্ট বার্থদে, মুম্বাই থানে ৱেষ্টৰ ‘বাত কৰতে হ্যে’,গুৱাহাটী চান্দমাৰীৰ ‘পাহি’,গুৱাহাটী চান্দমাৰীৰ ‘ৰিয়েলিটি’, গুৱাহাটী পান বজাৰৰ ‘গামোচা’, কলকাতা চৌৰাংগীৰ ‘শ্বৰ্টকাট’ আৰু দিল্লী ছাউথ ষ্টেচনৰ ‘লাডু’।
পাহিত অভিনয় কৰা স্পৃহা গুৱাহাটীৰ অসম জাতীয় বিদ্যালয় নুনমাটিৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী তথা অভিনেত্ৰী, আকাশবাণী গুৱাহাটীৰ নাটক বিভাগৰ শিল্পী জুমু ভূঞাৰ জীয়ৰী। প্ৰতিযোগিতাখনত গুৱাহাটীৰ পান বজাৰৰ মেক শাখাই নিৰ্মাণ কৰা ‘গামোচা’ই শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সোণৰ পদক অৰ্জন কৰে৷