বলিউডত কেইবাখনো ছবিৰে নিজকে সফল অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা পৰিণীতি চোপ্ৰাৰ আজি ওপজা দিন ৷ ২০১১ চনত পৰিণীতি চোপ্ৰাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ‘লেডিজ বনাম ৰিকি বেহল’ নামৰ ছবিখনেৰে। এই ছবিখনত অভিনেত্ৰীগৰাকীক সহযোগী চৰিত্ৰত দেখা গৈছিল। কিন্তু এগৰাকী মুখ্য অভিনেত্ৰী হিচাপে ‘ইছকজাদে’ আছিল তেওঁৰ প্ৰথমখন ছবি। এই ছবিখন বক্স অফিচত সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল ৷ ছবিখনত পৰিণীতি চোপ্ৰাৰ সৈতে অৰ্জুন কাপুৰকো মুখ্য চৰিত্ৰত দেখা গৈছিল।
ওপজা দিনৰ এই সময়ত সংবাদ মাধ্যমৰ সৈতে কথা পাতি পৰিণীতিয়ে প্ৰকাশ কৰিছে শৈশৱৰ কেইবাটাও কাহিনী ৷ তেও কয় –“ আমাৰ গাড়ী কিনিবলৈ পৰ্যাপ্ত টকা নাছিল ৷ সেয়ে মই চাইকেলেৰে স্কুললৈ গৈছিলোঁ। দেউতাও মোৰ লগত কিছু দূৰ খোজ কাঢ়ি গৈছিল। প্ৰতিদিনে দেউতা যোৱাৰ পিছত কিছুমান ল’ৰাই মোৰ পিছে পিছে আহিছিল আৰু মোক হাৰাশাস্তি কৰিছিল। সেই ল’ৰাবোৰে মোক জোকাই মোৰ লগত খোজ কাঢ়ি গৈছিল।“
অভিনেত্ৰী গৰাকীয়ে বলিউদত ১০ বছৰ সম্পূৰ্ণ কৰিছে। কিছুদিন পূৰ্বে তেওঁ ‘উচাই’ ছবিৰ চেটৰ পৰা এই উপলক্ষে উদযাপনৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। মুম্বাইৰ মেহবুব ষ্টুডিঅ’ৰ পৰা ভিডিঅ’টো শ্বেয়াৰ কৰি পৰিণীতিয়ে লিখিছে, ‘বেষ্ট ছাৰপ্ৰাইজ এভাৰ’। ‘উচাই’ৰ সমগ্ৰ দলটোৱে মোৰ দিনটো অতি বিশেষ কৰি তুলিলে।“