আইনী মেৰপেচত সোমাই পৰিছে পপ ষ্টাৰ লিজো । ‘এবাউট ডেম্ন টাইম’ খ্যাত গায়িকাগৰাকীৰ বিৰুদ্ধে তেওঁৰ গ্ৰুপৰ তিনিগৰাকী প্ৰাক্তন নৃত্যশিল্পীয়ে যৌন নিৰ্যাতন আৰু বৰ্ণ বিদ্বেষৰ অভিযোগ উত্থাপন কৰিছে। কৰ্মক্ষেত্ৰত অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰা, ছালৰ ৰং, ধৰ্ম আৰু জাতিৰ ওপৰত ভিত্তি কৰি বৈষম্যৰ সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰিছে নৃত্যশিল্পী তিনিগৰাকীয়ে। কেৱল সেয়াই নহয়, নৃত্যশিল্পীসকলৰ ওজন বৃদ্ধিৰ বাবে পপ তাৰকা গৰাকীয়ে দুৰ্ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰে।
অভিযোগনামাখনৰ ৪৪ পৃষ্ঠাত ২০২১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত সংঘটিত কেইবাটাও কাণ্ডৰ কথা উল্লেখ আছে। লিজোৰ দলৰ তিনিগৰাকী প্ৰাক্তন নৃত্যশিল্পীয়ে অভিযোগ কৰে যে শেহতীয়াকৈ পপ তাৰকাগৰাকীয়ে এগৰাকী নৃত্যশিল্পীক ওজন বৃদ্ধি কৰাৰ বাবে অপমান কৰিছিল। কেৱল সেয়াই নহয়, লিজোৱেও তেওঁক দলৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ ইয়াৰ উপৰিও নৃত্যশিল্পীসকলে লিজোই যৌন নিৰ্যাতনৰ অভিযোগো উত্থাপন কৰিছে। তেওঁলোকৰ এজনে অভিযোগ কৰে যে তেওঁ আমষ্টাৰডামৰ এটা ক্লাবত এগৰাকী উলংগ নৃত্যশিল্পীক স্পৰ্শ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। আনকি লিজোই নৃত্যশিল্পীসকলক চাকৰিৰ সময়ত মদ্যপান কৰাৰ মিছা অভিযোগ উত্থাপন কৰিছিল বুলি অভিযোগ কৰিছে। মিছা অভিযোগ উত্থাপন কৰি পপ ষ্টাৰগৰাকীয়ে নিৰ্মমভাৱে তেওঁলোকক ১২ ঘণ্টা ধৰি আখৰা কৰিবলৈ বাধ্য কৰাইছিল। তেওঁৰ গ্ৰুপৰ আন এগৰাকী নৃত্যশিল্পীয়ে তিনিগৰাকী নৃত্যশিল্পীয়ে লিজোৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগক সমৰ্থন জনাইছে।
এসময়ত লিজোৰ ওজনৰ বাবে অত্যন্ত হাৰাশাস্তিৰ সন্মুখীন হৈছিল। পপ ষ্টাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ তেওঁ দীঘলীয়া সংগ্ৰাম কৰিছিল ৷ পপ তাৰকা বিশেষকৈ মহিলা তাৰকাসকলৰ অত্যন্ত সৌন্দর্য্যশালী হ’ব লাগিব বুলি থকা ধৰাণাৰ বিৰোধিতা কৰি আহিছে ৷ ইফালে তেওঁৰ দলৰ প্ৰাক্তন নৃত্যশিল্পীসকলে তেওঁৰ ওজনক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে। এই বিতৰ্কৰ মাজতে পপ কুইন বিয়ন্সে তেওঁৰ ‘ৰেনেছাঁ ৱৰ্ল্ড ট্যুৰ’ত লিজোৰ নাম উল্লেখ কৰাৰ পৰা বিৰত থাকে।