যোৱা ১২ জুলাইত মুম্বাই চহৰত অনন্ত আম্বানীৰ বিবাহ সম্পন্ন হয়। প্ৰায় ২৫০০ কোটি টকাৰ বাজেটৰ এই বিয়াখনক লৈ এতিয়া সর্বত্ৰ চর্চা ৷ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত বিয়া, শুভ আশীৰ্বাদ, অভ্যর্থনা অনুষ্ঠান অনুষ্ঠিত হয়। দেশৰ তাৰকাৰ বাহিৰেও অনন্ত-ৰাধিকাৰ বিয়ালৈ আহিছিল বিদেশী তাৰকা। আম্বানী পুত্ৰ আৰু বোৱাৰীয়ে লাভ কৰিলে বিলাসী উপহাৰ। কিন্তু অনন্তই ঘনিষ্ঠ বন্ধুসকলৰ বাবেও বিশেষ উপহাৰৰ ব্যৱস্থা কৰে। যাৰ দাম প্ৰায় ২ কোটি টকা।
অনন্ত আম্বানীৰ বৰযাত্ৰী হিচাপে আৰম্ভণিৰ পৰা শেষলৈকে নৃত্য কৰে ৰণবীৰ সিং, হাৰ্দিক পাণ্ডিয়া, শিখৰ পাহাৰিয়াই। শ্বাহৰুখ খানও তেওঁলোকৰ লগত সহযোগ কৰে । সেই আনন্দতেই মুকেশ-পুত্ৰই বন্ধু-বান্ধৱীক উপহাৰ দিলে ২ কোটি টকা দামী ঘড়ী।
‘ৰয়েল অক পাৰ্পেচুৱেল’ৰ কেলেণ্ডাৰ লুমিনেৰী এডিচন নামেৰে জনাজাত ২৫টা সীমিত সংস্কৰণৰ ‘অ’ডেমাৰ্ছ পিগুৱেট’ ঘড়ী ক্ৰয় কৰা হয়। এই ঘড়ী ১৫ জন অতিথিক উপহাৰ হিচাপে দিয়া হয়। এই তালিকাত শ্বাহৰুখ খান, ৰণবীৰ সিং, শিখৰ পাহাৰিয়া, বীৰ পাহাৰিয়া, আৰু মীজান জাফ্ৰিকে ধৰি অন্যান্য তাৰকাৰ নাম আছে। অনন্তৰ বৰযাত্ৰীসকলে এই ঘড়ী পিন্ধি ছচিয়েল মিডিয়াত ফটো দিছে। ১৮ কেৰেটৰ সোণেৰে নিৰ্মিত এই ঘড়ীটো ক্ৰয় কৰিবলৈ আম্বানীয়ে প্ৰায় ৫০ কোটি টকা খৰচ কৰিছিল। অনন্ত আম্বানী নিজেও ঘড়ীৰ প্ৰতি বৰ আকৰ্ষিত। তেওঁৰ সংগ্ৰহত আছে বিশ্বৰ সকলো শীৰ্ষ ব্ৰেণ্ডৰ ঘড়ী। ইয়াৰে কিছুমান ঘড়ীৰ দাম ১২ কোটি আৰু প্ৰায় ৫০ কোটি।