দেওবাৰে বিবাহপাশত আবদ্ধ হয় সোণাক্ষী সিনহা আৰু জাহিৰ ইকবাল। সিনহা পৰিয়ালৰ ভিতৰত তেওঁলোকৰ বিবাহক লৈ চর্চা অব্যাহত আছে। একাংশই তেওঁলোকৰ বিবাহক ‘লাভ জেহাদ’ বুলি অভিহিত কৰিছে। কিন্তু প্ৰায় সাত বছৰ প্ৰেমৰ অন্তত তেওঁলোকৰ সম্পর্ক বিবাহলৈ পৰিণত কৰিলে ৷ সোনাক্ষী আৰু জাহিৰ দুয়ো সুখী। বিয়াৰ পিছত সোণাক্ষীয়ে ছ’চিয়েল মিডিয়াত বহু ছবি শ্বেয়াৰ কৰে। তাতে অভিনেত্ৰীগৰাকীৰ আঙুঠিত এটা প্ৰকাণ্ড হীৰা আঙঠি দেখা গ’ল। কিন্তু বহুতৰে কৌতুহল আছিল যে তেওঁৰ স্বামীয়ে অভিনেত্ৰীগৰাকীক কেৱল আঙঠি এটাহে দিছিল, নে সোনাক্ষীয়ে আন উপহাৰো পাইছিল? প্ৰাপ্ত তথ্য অনুসৰি জহিৰে সোনাক্ষীক প্ৰায় ২ কোটি টকাৰ উপহাৰ প্ৰদান কৰিছে ।
বিয়াৰ পিছত নৱদম্পত্তী বগা ৰঙৰ বিলাসী বিএমডব্লিউ গাড়ীৰে বিবাহ অনুষ্ঠানত উপস্থিত হোৱা দেখা গৈছিল। দম্পতীহাল অহা গাড়ীখন জাহিৰে সোণাক্ষীক উপহাৰ হিচাপে প্ৰদান কৰিছে । বিলাসী চেডানখনৰ প্ৰাৰম্ভিক মূল্য ২.০৫ কোটি টকা। মডেলৰ ওপৰত নিৰ্ভৰ কৰি গাড়ীৰ দাম বৃদ্ধি পায়। অৱশ্যে কোনটো মডেল জহিৰে পত্নীক উপহাৰ দিছিল সেয়া জানিব পৰা হোৱা নাই। ‘ডাবল এক্সএল’ ছবিখনত অভিনয় কৰাৰ সময়তে দুয়োৰে চিনাকি হয় ৷ তাতেই আৰম্ভ হৈছিল বন্ধুত্ব আৰু পিছলৈ প্ৰেম ৷