চলচ্চিত্ৰ পৰিচালক বনী কাপুৰ আৰু তেওঁৰ কন্যা খুশী কাপুৰে লছ এঞ্জেলচত থকা বলীউডৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰালৈ মৰমৰ চিন স্বৰূপে লৈ গৈছিল কিছু ভাৰতীয় খাদ্য যিবোৰৰ ভিতৰত আছিল পোহা,খাখৰা আৰু কিছু নিমখীয়া খাদ্য ৷ বিদেশত থাকিও ভাৰতীয় খাদ্য লাভ কৰি বহুদিনৰ মূৰত ঘৰুৱা সোৱাদ লাভ কৰা বুলি আনন্দত উৎফুল্লিত হোৱা অভিনেত্ৰী গৰাকীয়ে শেহতীয়াকৈ তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত কেইখনমান ফটো আপলোড কৰিছে ৷ অনহাতে ফট’কেইখন আপলোড কৰি তেওঁ ঘৰুৱা খাদ্যৰ সোৱাদ দিয়াৰ বাবে বনী কাপুৰ আৰু খুশীক সামাজিক ভাৱে ধন্যবাদ জনাইছে ৷
উল্লেখযোগ্য যে ভাৰতীয় খাদ্যৰ ক্ষেত্ৰত এগৰাকী ভাৰতীয় হিচাপে সদায়েই দুৰ্বলতা থকা জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই এই বছৰৰ আৰম্ভণিতে ‘ সোণা হোম’ নামৰ এটা ঘৰুৱা সামগ্ৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠান মুকলি কৰিছিল। আনহাতে তেওঁ নিউয়ৰ্কত ‘সোণা’ নামৰ এখন ভাৰতীয় ৰেষ্টুৰেণ্টো চলাই আছে ভাৰতীয় অভিনেত্ৰী গৰাকীয়ে ।