নিউয়ৰ্ক চহৰত ভাৰতীয় ‘ফাইন ডাইনিং’ ৰেষ্টুৰেণ্ট ‘সোনা’ খুলিছিল জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই। ২০২১ চনত অভিনেত্ৰীগৰাকীয়ে এই ৰেষ্টুৰেণ্টখন উদ্বোধন কৰে। প্ৰায় তিনি বছৰ পাৰ হৈ গ’ল। ‘সোনা’ এতিয়া পৰিচিত নাম , কিন্তু প্ৰিয়ংকাই এইবাৰ ৰেষ্টুৰেণ্টখন বন্ধ কৰি দিব। ৩০ জুন বন্ধ হ’ব ৰেষ্টুৰেণ্টখন ৷
এই ৰেষ্টুৰেণ্টখন খুলিবলৈ ভাবিছিল অভিনেত্ৰীগৰাকীয়ে ভাৰতীয় খাদ্যৰ সোৱাদ আমেৰিকান সকলোৰ মাজলৈ লৈ যাবলৈ। অভিনেত্ৰীগৰাকীৰ স্বামী নিক জ’নাছৰ নামেৰে প্ৰিয়ংকাৰ ৰেষ্টুৰেণ্টখনৰ নামকৰণ কৰা হৈছিল। বিগত সময়ত অভিনেত্ৰীগৰাকীয়ে নিজেও তেনেকৈয়ে কৈছিল। ‘সোনা’ৰ মেনুত ভাৰতৰ বিভিন্ন অঞ্চলৰ ব্যঞ্জন আছে। প্ৰিয়ংকাই কয় যে দেশৰ প্ৰতি থকা প্ৰেম দেখুৱাবলৈ তেওঁ এই ৰেষ্টুৰেণ্টখন আৰম্ভ কৰিছিল।
কিন্তু প্ৰিয়ংকাই নিজৰ ইনষ্টাগ্ৰামত এটা পোষ্ট যোগে ৰেষ্টুৰেণ্টখন বন্ধ কৰাৰ খবৰ ঘোষণা কৰে। অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘এই তিনি বছৰীয়া যাত্ৰা প্ৰায় সফল হৈছে, কিন্তু এইবাৰ আমি ‘সোনা’ক বন্ধ কৰিবলৈ ওলাইছো। কোনোবা নহয় কোনোবা সময়ত সোণালৈ অহা প্ৰতিজন ব্যক্তিৰ প্ৰতি আমি কৃতজ্ঞ। আমিও আপোনালোকক সেৱা কৰি সুখী। এই ৰেষ্টুৰেণ্টখনত আপুনি ৩০ জুনত শেষ সেৱা লাভ কৰিব।“
কিয় বন্ধ কৰিব বিচাৰিছে এই ৰেষ্টুৰেণ্টখন? শুনা যায় যে মনীষ গোৱেল নামৰ এজন ব্যৱসায়ী এই ব্যৱসায়ত প্ৰিয়ংকাৰ সৈতে অংশীদাৰ আছিল। এই পাৰ্টনাৰশ্বিপ ভংগ হোৱাৰ বাবে এই ৰেষ্টুৰেণ্টখন বন্ধ কৰা হৈছে ৷