নিজৰ প্ৰিয় তাৰকাগৰাকীক অনুসৰণ কৰি অনুৰাগীয়ে কৰা বিভিন্ন কামে ভিন্ন সময়ত সংবাদ শিৰোনাম দখল কৰি আহিছে ৷ এইবাৰ নিজৰ বাসগৃহৰ সন্মুখতে এজন লোকে বিগ বি অমিতাভ বচ্চনৰ এটা সুদৃশ্য প্ৰতিমুর্ত্তি স্থাপন কৰি চর্চা লাভ কৰিছে ৷ নিউ জাৰ্ছিৰ এডিছন চহৰত থকা এটা ভাৰতীয়-আমেৰিকান পৰিয়ালে নিজৰ ঘৰত স্থাপন কৰিছে বলীউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চনৰ সম্পূর্ণ প্ৰতিমূৰ্তি।
যথেষ্ট বৃহৎ ভাৰতীয়-আমেৰিকান লোকৰ বাসস্থান হোৱাৰ বাবে প্ৰায়ে ক্ষুদ্ৰ ভাৰত বুলি কোৱা এডিছনৰ ৰিংকু আৰু গোপী ছেঠে স্থাপন কিছে এই মুর্ত্তিটো ৷ প্ৰায় ৬০০ লোকৰ উপস্থিতিত বিশিষ্ট নেতা এলবাৰ্ট জাছানীয়ে মূৰ্তিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৷ বিগ বিৰ প্ৰতিমুর্ত্তিটো এটা ডাঙৰ কাঁচৰ বাকচৰ ভিতৰত ৰখা হৈছে ৷ এই অনুষ্ঠানৰ লগতে ভাৰতীয় ছুপাৰষ্টাৰগৰাকীৰ ফেন ক্লাবে আতচবাজী ফুটুৱাৰ লগতে নৃত্য পৰিৱেশন কৰে ৷ ইণ্টাৰনেট ছিকিউৰিটি ইঞ্জিনিয়াৰ হিচাপে কর্মৰত গোপী ছেঠে সংবাদমাধ্যমক কয় যে তেওঁ আৰু তেওঁৰ পত্নীৰ বাবে অমিতাভ বচ্চন ভগৱানতকৈ কোনো গুণে কম নহয়।
এই সন্দর্ভত গোপী ছেঠে কয় -“তেওঁৰ অভিনয় জীৱনেই নহয়, বাস্তৱ জীৱনেও অণুপ্ৰাণিত কৰি আহিছে ৷ তেওঁ কেনেদৰে ৰাজহুৱা অথবা ব্যক্তিগত জীৱন কটায়, কেনেদৰে তেওঁ কথা বতৰা পাতে সেয়া আমি সকলোৱে জানো ৷ তেওঁ অতি সৰল জীৱন যাপন কৰা এজন ব্যক্তি ৷ তেওঁ অনুৰাগীসকলৰো খেয়াল ৰাখে । তেওঁ আন তাৰকাসকলতকৈ পৃথক ৷ এই কাৰণেই মই ভাবিছিলো যে তেওঁৰ প্ৰতিমুর্ত্তি মোৰ ঘৰৰ বাহিৰত থকা উচিত।’
১৯৯০ চনত পূব গুজৰাটৰ দাহোদৰ পৰা আমেৰিকালৈ যোৱা ছেঠে তিনিটা দশক ধৰি “বিগ বি এক্সটেণ্ডেড ফেমিলি”ৰ ৱেবচাইট www.BigBEFamily.com চলাই আহিছে।এই ৱেবচাইটটো অন্যান্য বিষয়ৰ লগতে অমিতাভ বচ্চনৰ বিশ্বব্যাপী অনুৰাগীসকলৰ ভঁৰাল বুলিও তেওঁ কয়। বচ্চনক তেওঁৰ “কৌন বনেগা ক্ৰৌৰপতি” ৰিয়েলিটি শ্ব’ত দেখা পোৱাৰ দৰে এই মূৰ্তিটো বিশেষভাৱে ৰাজস্থানত ডিজাইন আৰু নিৰ্মাণ কৰা হৈছে ৷ তাৰ পিছত মুর্ত্তিটো আমেৰিকালৈ প্ৰেৰণ কৰা হৈছে ৷ ছেঠে প্ৰকাশ কৰা অনুসৰি সমগ্ৰ প্ৰকল্পটোৰ বাবে তেওঁৰ ৭৫,০০০ ডলাৰতকৈ অধিক (প্ৰায় ₹ ৬০ লাখ) খৰচ হৈছিল। তেওঁ কয় যে ১৯৯১ চনত নিউ জাৰ্ছিত নৱৰাত্ৰী উদযাপনৰ সময়ত তেওঁ প্ৰথমবাৰৰ বাবে “তেওঁৰ ভগৱান”ক লগ পাইছিল। ছেঠে জানিবলৈ দিয়া অনুসৰি তেওঁ আমেৰিকা আৰু বিশ্বজুৰি বিগ বিৰ অনুৰাগীসকলক সংগঠিত কৰি আহিছে যিটো পিছলৈ ৱেবছাইটলৈ পৰিণত হয়।