৯৫তম ‘অস্কাৰ একাডেমী বঁটা ২০২৩’ ত শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ফিচাৰ ফিল্ম শ্ৰেণীৰ বাবে ভাৰতৰহৈ আনুষ্ঠানিক প্ৰৱেশৰ বাবে গুজৰাটী ছবি ‘চেলো শ্ব’( Last Film Show) নিৰ্বাচিত হোৱা বাতৰিয়ে সঁচাকৈয়ে আনন্দিত কৰিছে সমগ্ৰ ভাৰতবাসীক ৷ কিন্তু এই আনন্দৰ খবৰটোৰ লগতে এটি দুখৰ খবৰেও ভাৰাক্ৰান্ত কৰিছে বহুজনৰ হৃদয় ৷ ছবিখনৰ আনুষ্ঠানিক মুক্তিৰ মাত্ৰ কেইদিনমান আগতে ১০বছৰীয়া অভিনেতা ৰাহুল কলিৰ মৃত্যুৰ বাতৰিয়ে কন্দুৱাইছে সকলোকে ৷
টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি,লিউকেমিয়াৰ সৈতে যুঁজ দি আছিল ১০ বছৰীয়া ৰাহুল কলিয়ে ৷ অৱশেষত ২অক্টোবৰৰ দিনা আহমেদাবাদৰ এখন কৰ্কট চিকিৎসালয়ত মৃত্যুৰ ওচৰত হাৰ মানিবলৈ বাধ্য হয় ৰাহুলে। জানিবপৰামতে আহমেদাবাদৰ গুজৰাট কৰ্কট গৱেষণা প্ৰতিষ্ঠানত (জিচিআৰআই) চিকিৎসা কৰা হৈছিল তেজৰ কৰ্কট ৰোগত আক্ৰান্ত ৰাহুলক ।
উল্লেখযোগ্য যে ‘চেলো শ্ব’ত, মুখ্য চৰিত্ৰ ‘সময়’ৰ ঘনিষ্ঠ বন্ধুৰ চৰিত্ৰত অভিনয় কৰিছিল ৰাহুলে ৷
ৰাহুলৰ পৰিয়ালে সোমবাৰে জামনগৰৰ ওচৰত তাৰকা গৰাকীৰ বাবে প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰিছিল। এজন অটোৰিক্সা চালক ৰাহুলৰ দেউতাক ৰামু কলি ৷ শোকসন্তপ্ত পিতৃয়ে উল্লেখ কৰিছিল যে ৰাহুলৰ মৃত্যুৰ ১৩ তম দিনটোত ছবিখনে মুক্তি লাভ কৰাৰ লগে লগেই যেন বিধ্বস্ত হৈ পৰিব পৰিয়ালটো ।
৯৫তম অস্কাৰ একাডেমী বঁটাত শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ফিচাৰ ফিল্ম শ্ৰেণীৰ বাবে ভাৰতৰহৈ আনুষ্ঠানিক প্ৰৱেশৰ বাবে নিৰ্বাচিত হোৱা গুজৰাটী ছবি ‘চেলো শ্ব’ ৷ সৌৰাষ্ট্ৰৰ এখন দূৰৱৰ্তী গাঁৱত নিৰ্মাণ কৰা এই ছবিখনে এজন ন বছৰীয়া ল’ৰাৰ কাহিনীক প্ৰতিফলিত কৰে যিয়ে আৰম্ভ কৰে চিনেমাৰ সৈতে জীৱনজোৰা প্ৰেমৰ সম্পৰ্ক ৷ এক আমোদজনক কাহিনীৰে ‘শ্বেলো শ্ব’ সমগ্ৰ ভাৰতৰ চলচিত্ৰ জগতলৈ এক অনন্য সংযোজন ।
গুজৰাটৰ গ্ৰাম্য অঞ্চলত সৰুতে চলচ্চিত্ৰৰ প্ৰেমত পৰা নলিনৰ নিজৰ জীৱনৰ স্মৃতিৰ আধাৰত জন্ম লাভ কৰা ‘শ্বেলো শ্ব’ বৰ্তমান সময়ত ডিজিটেল বিপ্লৱৰ শিখৰত উপণীত হ’বলৈ সক্ষম হৈছে । অৱশ্যে শেষবাৰৰ বাবে জীৱনৰ অন্তিমখন ছবিত ভূমুকি মাৰি মানুহৰ অন্তৰত স্থান দখল কৰি গ’ল ৰাহুলেও ৷