ধনৰ অবৈধ লেনদেনৰ গোচৰত অভিযুক্ত কৰা হৈছে বলিউডৰ আৱেদনময়ী অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজক ৷ সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে ৰুজু হোৱা ২০০ কোটি টকীয়া ধন দাবীৰ গোচৰত জেকলিনক অভিযুক্ত কৰা হৈছে ৷ ধন দাবীৰ গোচৰৰ তদন্ত কৰি থকা এনফর্চমেণ্ট সঞ্চালকালয়ে (ইডি) দিল্লীৰ এখন আদালতত দাখিল কৰা পৰিপূৰক অভিযোগনামাত জেকলিনৰ নাম অভিযুক্ত হিচাপে অন্তভুর্ক্ত কৰিছে। ইয়াৰ পূৰ্বে দিল্লী আৰক্ষীয়ে ফাৰ্মাচিউটিকেল জায়ান্ট ৰেণবেক্সিৰ প্ৰাক্তন প্ৰমোটাৰ সদস্য অদিতি সিং আৰু শিবেন্দ্ৰ সিঙৰ পৰা প্ৰায় ২১৫ কোটিৰ ধন দাবী কৰাৰ অভিযোগত চন্দ্ৰশেখৰক গ্ৰেপ্তাৰ কৰিছিল। দিল্লী আৰক্ষীৰ গোচৰৰ ভিত্তিত ইডিয়ে ধন সৰবৰাহৰ তদন্ত আৰম্ভ কৰে ।
ইডিৰ প্ৰথম চাৰ্জশ্বীটত চন্দ্ৰশেখৰে প্ৰৱঞ্চনা কৰা বুলি অভিযোগ কৰা ধনখিনি কেনেদৰে ব্যৱহাৰ কৰিছিল সেই কথা উল্লেখ কৰা হৈছিল। ইয়াৰ পৰিপূৰক চাৰ্জশ্বীটত অভিযোগ কৰা হৈছে যে চন্দ্ৰশেখৰে ফাৰ্নাণ্ডেজক তেওঁ প্ৰৱঞ্চনাৰে সংগ্ৰহ কৰা ধনৰ পৰা ৫ কোটিৰো অধিক মূল্যৰ উপহাৰ দিছিল। অভিযোগ অনুসৰি প্ৰৱঞ্চনাৰে ঘটা ধনেৰে উপহাৰ দিয়া বুলি অৱগত আছিল জেকলিন ৷
ইয়াৰ পূৰ্বে ইডিয়ে জেকলিনৰৰ সম্পত্তি জব্দ কৰিছিল আৰু তেওঁক সোধা-পোছা কৰিছিল। এপ্ৰিল মাহত সংস্থাটোৱে ধন সৰবৰাহৰ প্ৰতিৰোধ আইন (PMLA)ৰ অধীনত অভিনেত্ৰীজনৰ ৭ কোটি সম্পত্তি সাময়িকভাৱে জব্দ কৰিছিল।উপহাৰসমূহৰ ভিতৰত আছে ৫২ লাখ টকামূল্যৰ এটা ঘোঁৰা আৰু ৯ লাখ টকা মূল্যৰ এটা পাৰ্চী মেকুৰী ৷ চন্দ্ৰশেখৰে ফাৰ্নাণ্ডেজৰ পৰিয়ালৰ সদস্যসকলক বিপুল পৰিমাণৰ ধন দিছিল। বিলাসী ব্ৰেণ্ড গুচ্চি আৰু চেনেলৰ পৰাও ডিজাইনাৰ বেগ আৰু কাপোৰ লাভ কৰিছিল। চন্দ্ৰশেখৰে এটা ৱেবছিৰিজ প্ৰজেক্ট লিখাৰ বাবে এডভান্স হিচাপে ফাৰ্নাণ্ডেজৰ হৈ এজন চিত্ৰনাট্যকাৰক ১৫ লাখ টকা প্ৰদান কৰিছিল ৷ শ্ৰীলংকাৰ নাগৰিক আৰু ২০০৯ চনত হিন্দী চলচ্চিত্ৰ উদ্যোগত আত্মপ্ৰকাশ কৰিছিল ফাৰ্নাণ্ডেজ। এই গোচৰত ইডিয়ে মুঠ ৮জন লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ ভিতৰত আছে চন্দ্ৰশেখৰ আৰু তেওঁৰ পত্নী লীনা মাৰিয়া পল।