২০১৮ চনত মৃত্যু হৈছিল বলীউডৰ মোহময়ী তথা জনপ্ৰিয় অভিনেত্ৰী শ্ৰীদেৱীৰ । যি গৰাকী অভিনেত্ৰীৰ অভিনয় আৰু ব্যক্তিত্বই চাঁপ পেলাই থৈ গ’ল চলচ্চিত্ৰ প্ৰেমী সকলৰ বুকুত ৷
আজি প্ৰয়াত অভিনেত্ৰী গৰাকীৰ ৫৯ তম জন্ম বাৰ্ষিকীত তেওঁৰ কন্যা জাহ্নৱী কাপুৰে সামাজিক মাধ্যম ইনষ্টাগ্ৰামত ৯০ ৰ দশকৰ তেওঁলোকৰ এখন পুৰণি ছবি শ্বেয়াৰ কৰি তেওঁ কেপচনত লিখিলে যে তেওঁৰ প্ৰতিটো দিনেই মাকলৈ মনত পৰে ।আনহাতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ফটোখনত শ্ৰীদেৱীক ফটোৰ বাবে প’জ দিয়াৰ সময়ত জাহ্নৱীক আলিঙ্গন কৰা দেখা গৈছে।
উল্লেখ্য যে জাহ্নৱী কাপুৰৰ প্ৰথম ছবি ‘ধড়ক’ মুক্তি পোৱাৰ মাত্ৰ কেইমাহমান আগতে, ২০১৮ চনত শ্ৰীদেৱীৰ মৃত্যু হয়।
আজি ফটোখন শ্বেয়াৰ কৰি জাহ্নৱীয়ে লিখিছিল, “শুভ জন্মদিন মামা। তোমালৈ প্ৰতিদিনেই মনত পৰে মা আৰু মই তোমাক বহুত ভাল পাওঁ।“
আনহাতে মনীষ মালহোত্ৰা, বৰুণ ধাৱান আৰু জয়া আখটাৰেও পোষ্টটোত মন্তব্য শাখাত ইমোজিৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে । আনহাতে এজন অনুৰাগীয়ে মন্তব্য কৰিছিল যে ঈশ্বৰে তেওঁৰ আত্মাক প্ৰতি মূহুৰ্তত আশীৰ্ব্বাদ কৰক। আন এজনে কৈছিল যে তেওঁ সদায় আপোনাৰ সৈতে থাকিব আৰু তেওঁ নিশ্চিত ভাৱে ক’ব পাৰে যে তেওঁ জাহ্নৱীৰ বাবে গৌৰৱান্বিত।
১৯৯৬ চনত চলচ্চিত্ৰ প্ৰযোজক বনি কাপুৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল শ্ৰীদেৱী। তেওঁৰ ছবি জুদাই মুক্তি পোৱাৰ কেইদিনমান পিছত ১৯৯৭ চনৰ ৬ মাৰ্চত জাহ্নৱী তেওঁলোকৰ মাজলৈ আহিছিল । আনহাতে তেওঁলোকৰ জীয়ৰী খুশী কাপুৰৰ জন্ম হৈছিল ২০০০ চনত ।
২০১৭ চনত এক সাক্ষাৎকাৰত শ্ৰীদেৱীয়ে কৈছিল যে তেওঁ জাহ্নৱীৰ চলচ্চিত্ৰ উদ্যোগত প্ৰৱেশ কৰাত তেওঁ পক্ষপাতী নহয়। তেওঁ নাভাবে যে এইটো এটা বেয়া উদ্যোগ কিন্তু এজন অভিভাৱক হিচাপে তেওঁক কন্যাক বিবাহিত অৱস্থাত দেখিলেহে তেওঁ অধিক আনন্দিত হ’ব।অৱশ্যে যদি তেওঁ এগৰাকী ভাল অভিনেত্ৰী হিচাপে কাম কৰে, তেতিয়া তেওঁ এগৰাকী মাতৃ হিচাপেও গৌৰৱান্বিত হ’ব ৷
১৯৬৩ চনৰ ১৩ আগষ্টত শ্ৰী আম্মা য়াংগাৰ আয়াপান হিচাপে জন্ম হৈছিল শ্ৰীদেৱীৰ। তেওঁ চান্দনী, লামহে, তৌফা, মিষ্টাৰ ইণ্ডিয়া, চালবাজ, নাগিনা, জুদাই আদি চলচ্চিত্ৰত তেওঁৰ শক্তিশালী চৰিত্ৰৰ বাবে জনপ্ৰিয়তা অৰ্জন কৰিছিল ৷ তেওঁৰ অন্তিম খন চলচ্চিত্ৰ আছিল মম, যাৰ বাবে তেওঁ মৰণোত্তৰভাৱে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰিছিল। ২০১৮চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ডুবাইত অভিনেত্ৰী গৰাকীৰ মৃত্যু হয়।