আজি অসমৰ জনপ্ৰিয় শিল্পী শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকা দেৱৰ মৃত্যু তিথিত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ
১৯৪৩চনত মংগলদৈত জন্মগ্রহণ কৰা শিল্পী গৰাকীয়ে মাত্ৰ ৩৪বছৰ বয়সতে ১৯৭৭চনৰ ১৫ অক্টোবৰত কলিকতাত মৃত্যুক আকোঁৱালি লয়।
তেওঁ এজন কণ্ঠশিল্পীয়েই নহয় এগৰাকী সুনিপুণ সুৰকাৰ, গীতিকাৰ আৰু সুদক্ষ সংগীত পৰিচালক আছিল।
অসমত ৰাণাদা ৰূপে জনপ্রিয় আছিল শিল্পী জয়ন্ত হাজৰিকা। সুধাকণ্ঠ ড°ভূপেন হাজৰিকাৰ বৰ মৰমৰ ভায়েক আছিল তেওঁ। পোন প্ৰথমতে ককায়েকৰ লগত বাদ্যযন্ত্র সংগত কৰি জয়ন্ত হাজৰিকাই সংগীতৰ পৃথিৱীত খোজ থৈছিল। পিছলৈ তেওঁ নিজেই এগৰাকী সুৰকাৰ, পৰিচালক হিচাপে তেওঁৰ নিজস্ব প্ৰতিভাৰে আত্মপ্রকাশ কৰে।
অসমত পাশ্চাত্য সংগীত আৰু অসমীয়া লোক সংগীতসমূহৰ সুৰ ফিউজন কৰি এক নতুন সংগীতৰ ধাৰা সৃষ্টি কৰিছিল শিল্পী জয়ন্ত হাজৰিকাই। বিভিন্ন পশ্চিমীয়া বাদ্যযন্ত্রক তেখেতৰ সংগীতৰ যোগেদি অসমীয়া সংগীত প্ৰেমী সকলৰ সৈতে পৰিচয় কৰাই দিছিল এইজনা মহান শিল্পীয়ে ।
‘আগলি বতাহে কপালে কলৰে পাত’ আৰু ‘কৃষ্ণচূড়া ‘ শীৰ্ষক গীত দুটি এইচ এম ভিৰ যোগেদি পোনপ্ৰথমবাৰৰ বাবে তেওঁৰ কণ্ঠত বাণীবদ্ধ কৰা হয় আৰু গীতকেইটিয়ে ৰাইজৰ বিপুল সমাদৰ লাভ কৰে। এনেকৈয়ে অসমৰ সংগীত জগতৰ তেওঁ এক অভিন্ন অংগ হৈ পৰে।
১৯৬৩ চনত মণিৰাম দেৱান বোলছবিৰ ‘সোণাৰ বৰণ পাখি’ গীতটিত তেওঁ কণ্ঠদান কৰিছিল য’ত সংগীত পৰিচালক আছিল সুধাকণ্ঠ ড°ভূপেন হাজৰিকা নিজেই।
১৯৭৭চনত এগৰাকী আগশাৰীৰ গীতিকাৰ নিৰ্মলপ্ৰভা বৰদলৈৰ লগ হৈ তেওঁ পাঁচখন নাটকৰ বাবে প্ৰায় ১৭টি গীতত সুৰ কৰিছিল। মঞ্চ সংগীত পৰিচালনা কৰি তেওঁ বেছি ভাল পাইছিল । অঁনাতাৰ কেন্দ্ৰৰ লগতো তেওঁ ওতঃপ্ৰোত ভাৱে জড়িত আছিল।
এই গৰাকী জনপ্রিয় শিল্পীৰ কণ্ঠৰ এনে এক সুকীয়া মাদকতা আছে যাৰ বাবে তেওঁ আজিও জীয়াই আছে আমাৰ প্ৰতিটো প্ৰজন্মৰ মাজত।