বিবাহ পাশত আৱদ্ধ হ’ল বিশ্বৰ জনপ্ৰিয় পপ তাৰকাসকলৰ অন্যতম জেনিফাৰ লোপেজ ৷ জনপ্ৰিয় তাৰকা অভিনেতা বেন এফ্লেকৰ সৈতে শনিবাৰে বিবাহ পাশত আৱদ্ধ হয় জেনিফাৰ ৷ চেলিব্ৰিটি দম্পতীহালে লছ ভেগাছত এখন আদালতত বিবাহপাশত আবদ্ধ হয় ৷ ২০০২ চনত বহুলভাৱে জনপ্ৰিয় হোৱা ছবি “গিগলি”ৰ চেটত এই যুটিটোৰ প্ৰথম সাক্ষাৎ হৈছিল ৷ ২০০৩ চনত তেওঁলোকে বিবাহৰ পৰিকল্পনা কৰিছিল যদিও সম্ভৱপৰ হৈ নুঠিল ৷ বৰঞ্চ ২০০৪ চনৰ আৰম্ভণিতে তেওঁলোকৰ সম্পৰ্ক শেষ হোৱাৰ কথা ঘোষণা কৰে ৷
কিন্তু বিগত বর্ষৰ পৰা তেওঁলোকৰ সম্পর্ক পুনৰ ঘনিষ্ঠ হৈ পৰে ৷ জেনিফাৰ লোপেজ (৫২) আৰু বেন এফ্লেকে (৪৯) যোৱা এপ্ৰিল মাহত তেওঁলোকৰ এংগেজমেণ্টৰ কথা ঘোষণা কৰিছিল। জেনিফাৰ লোপেজৰ বাবে এয়া চতুৰ্থ আৰু বেন এফ্লেকৰ বাবে দ্বিতীয় বিবাহ।জেনিফাৰ লোপেজে ইয়াৰ পূৰ্বে অভিনেতা ওজানি নোয়া, নৃত্যশিল্পী ক্ৰিছ জুড আৰু গায়ক মাৰ্ক এন্থনীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৷