VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

২৯ বছৰত ভৰি থোৱা ৰবিজিতা গগৈৰ অভিনয় প্ৰতিষ্ঠানৰ বৃহৎ নাট্য আয়োজন, ৮-১০ ছেপ্টেম্বৰত কলাক্ষেত্ৰত জিৰছং থিয়েটাৰৰ স্বয়ম নাট সমাৰোহ

ৰবীন্দ্ৰ নাথ ঠাকুৰৰ 'স্ত্ৰী পত্ৰ’- চফ’ক্লিছৰ ‘এণ্টিগণি’ৰ অসমীয়া অভিযোজনাসহ মঞ্চস্থ হব অৰুন শৰ্মাৰ নাটক ‘আহাৰ’

voicedesk by voicedesk
September 6, 2023
in মনোৰঞ্জন
২৯ বছৰত ভৰি থোৱা ৰবিজিতা গগৈৰ অভিনয় প্ৰতিষ্ঠানৰ বৃহৎ নাট্য আয়োজন, ৮-১০ ছেপ্টেম্বৰত কলাক্ষেত্ৰত জিৰছং থিয়েটাৰৰ স্বয়ম নাট সমাৰোহ
0
SHARES
46
VIEWS
Share on FacebookShare on Twitter

সুদীৰ্ঘ প্ৰায় তিনি  দশক  ধৰি অসমৰ নাট্যক্ষেত্ৰৰ অৰ্থবহ প্ৰসাৰতাৰ বাবে অবিৰতভাৱে সেৱাত ব্ৰতী হৈ অহা এন এছ ডিৰ স্নাতক তথা সংগীত নাটক একাডেমীৰ বিছমিল্লা খাঁ বঁটাপ্ৰাপক ৰবিজিতা গগৈৰ জিৰছং থিয়েটাৰে অহা ৮ ছেপ্টেম্বৰৰ পৰা ১০  ছেপ্টেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ সমাজৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ‘স্বয়ম নাট সমাৰোহ আৰু  আলোচনা সত্ৰ’ নামেৰে আয়োজন কৰিছে এখনি বৃহৎ নাট সমাৰোহৰ। ১৯৯৫ চনত কার্বিআংলং জিলাৰ সেউজীয়াৰ মাজত এটা সেউজীয়া জীপাল সপোন লৈ ডিফুত জন্ম লাভ কৰা জিৰছং থিয়েটাৰৰ বয়স এতিয়া ২৯ বছৰ। এই যাত্ৰাকালত জিৰছং থিয়েটাৰে অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ পাহাৰে-ভৈয়ামে, নগৰে-চহৰে অসমীয়া, কাৰবি, বড়ো, নাগামীজ, হিন্দী ভাষাত ৪০ খনতকৈয়ো অধিক নাটক মঞ্চস্থ কৰি নাট্যপ্ৰেমীৰ বুকুত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কুৰিখনতকৈয়ো অধিক ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় মহোৎসৱত নাট পৰিবেশন কৰা জিৰছং থিয়েটাৰৰ নাটকৰ মূলতঃ বিষয়বস্তু নাৰী আৰু সামাজিক প্ৰমূল্যবোধ। অভিনয় আৰু পৰিচালনাৰ লগতে বিগত ৩০ টাৰো অধিক আনুষংগিক বিষয়ত ন-শিকাৰুক প্ৰশিক্ষন দিয়া নাট্য প্ৰতিষ্ঠাটোৱে ২০১৭ চনৰপৰা গুৱাহাটীৰ ৰাজগড়ত জিৰছং ষ্টুডিঅ’ৰ জৰিয়তে শিশুসকলক নিয়মীয়াকৈ নাট প্ৰশিক্ষণআৰু নিবেদনৰো ব্যৱস্থা কৰি আহিছে।

 

এইবাৰ নাট্য প্ৰতিষ্ঠানটোৱে নাট্যপ্ৰেমীৰ বাবে আয়োজন কৰা স্বয়ম নাট সমাৰোহত ৰবীন্দ্ৰ নাথ ঠাকুৰৰ গল্প ‘স্ত্ৰী পত্ৰ’ ৰ আধাৰত ‘ইতি মৃণালিনী’, চফ’ক্লিছৰ বিশ্ব বিখ্যাত নাটক এণ্টিগণিৰ সমসাময়িক অভিযোজনা ‘এণ্টিগণি মেনিয়া’ আৰু সাহিত্য তথা সংগীত নাটক একাডেমী বঁটা বিজেতা অৰুণ শৰ্মাদেৱৰ  নাটক ‘আহাৰ’ নামেৰে তিনিখন নাটক ক্ৰমে ৮,৯ আৰু ১০ ছেপ্টেম্বৰত  প্ৰতিদিনে সন্ধ্যা ৬.৩০ বজাৰ পৰা মঞ্চস্থ  কৰিব। কেউখন নাটকৰে পৰিচালনা কৰিছে এন এছ ডিৰ পৰিচালনা বিভাগৰ স্নাতক তথা সংগীত নাটক একাডেমীৰ বিছমিল্লা খাঁ বঁটাপ্ৰাপক ৰবিজিতা গগৈয়ে। লগতে প্ৰতিদিনে বিয়লি ৪ বজাৰ পৰা ৬ বজালৈকে নতুন প্ৰজন্মৰ অসমীয়া নাটক, নাটকৰ পাঠ, উপস্থাপনা আৰু দৰ্শক আৰু নাটক আৰু নাৰী শীৰ্ষক তিনিখন আলোচনা সত্ৰৰো আয়োজন কৰিছে। আলোচনা সত্ৰ কেইখনত  নাট্য যোদ্ধা সমুদ্ৰ কাজল শইকীয়া, হিমাংশু প্ৰসাদ দাস, পৰী শৰণীয়া, ভাস্কৰ বৰুৱা, অনুপম শইকীয়া, সুব্ৰত জ্যোতি নেওগ, মৃণাল জ্যোতি গোস্বামী, জ্যোতি প্ৰসাদ ভূঞা, অনুপ হাজৰিকা, ভাগীৰথী বাই, ৰাধিকা গোস্বামী, পাপৰি মেধি, মনিমালা দাস, নিখিলেশ্বৰ বৰুৱা আদি সমল ব্যক্তিয়ে নিজৰ নিজৰ দৃষ্টিভংগী বক্তৃতাৰ মাজেৰে দাঙি ধৰিব। তদুপৰি জিৰছং থিয়েটাৰৰ ২৯ বছৰীয়া পৰিক্ৰমা প্ৰতিফলিত কৰিব পৰাকৈ এখনি প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হৈছে। নাট প্ৰতিষ্ঠানটোৰ ইতিহাস আৰু অসমৰ নাট্যক্ষেত্ৰৰ সমসাময়িক প্ৰেক্ষাপট সামৰি প্ৰকাশ পাব এখন বৃহৎ কলেবৰৰ স্মৰণিকাও।শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত  অনুষ্ঠিত হবলগীয়া এই নাট সমাৰোহখনিত মমি গগৈ, ভাস্কৰজ্যোতি নাথ, কাৰিস্মা বড়ো, কল্পজিত শইকীয়া, তৰালী বৰা, সুভম দে, মৃগাংক কুমাৰ নাথ, আভিলাষ বৰবৰা, হিৰণ্য হালৈ, মনোজ কুমাৰ গগৈ, হিয়াশ্ৰী গগৈ, ধ্ৰুৱজ্যোতি স্পন্দন, ৰূপশ্ৰী নেওগ, গীতুমনি কাশ্যপ আদি শিল্পীয়ে অভিনয় কৰিব।

 

উক্ত সমাৰোহ খনি ৮ ছেপ্টেম্বৰৰ সন্ধ্যা ৬.৩০ বজাত উদ্বোধন কৰিব অসমৰ সাংস্কৃতিক পৰিক্ৰমা তথা উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী  বিমল বৰাই আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সাহিত্য একাডেমী বঁটা প্ৰাপক সাহিত্যিক তথা বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামী, সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বিশিষ্ট শিল্পী প্ৰাঞ্জল শইকীয়াই। উক্ত নাট সমাৰোহ খনিৰ বিষয়ে অধিক জানিবলৈ আয়োজক কল্পজিত শইকীয়াক ৯৩৬৫১৭৮৩৭৮ নম্বৰত যোগাযোগ কৰিবলৈ জিৰছং থিয়েটাৰৰ সভাপতি ছত্ৰ গোপাল ঠেঙাল আৰু সম্পাদক ৰবিজিতা গগৈয়ে সকলোকে অনুৰোধ জনাইছে।

Previous Post

ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২৩” প্ৰাপ্ত কুমুদ কলিতাক নতুন দিল্লীত উষ্ম অভিনন্দন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Next Post

বিধায়ক সুশান্ত বৰগোহাঁইৰ মাতৃৰ বিয়োগ

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
বিধায়ক সুশান্ত বৰগোহাঁইৰ মাতৃৰ বিয়োগ

বিধায়ক সুশান্ত বৰগোহাঁইৰ মাতৃৰ বিয়োগ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7