২৭ বছৰৰ পাছত পুনৰ একেলগে দেখা যাব কাজল-প্ৰভু দেৱাক। তেলেগু পৰিচালক চৰণ তেজ উপ্পালাপতিৰ একচন থ্ৰিলাৰ ছবিৰে বলীউডত আত্মপ্ৰকাশ কৰিব চৰণ তেজে। এই বিগ বাজেটৰ ছবিখনত কেইবাজনো প্ৰখ্যাত অভিনেতা আৰু অভিনেত্ৰীয়ে অভিনয় কৰিব ৷ কাজল আৰু প্ৰভুৰ উপৰিও আন গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিব নাছিৰুদ্দিন শ্বাহ, সংযুক্ত মেনন, আদিত্য শীলে।
ছবিখনৰ সংগীত পৰিচালনা কৰিব হৰ্ষবৰ্ধন ৰামেশ্বৰমে। সন্দীপ ৰেড্ডী বাংগাৰ ‘এনিমেল’ৰ সংগীত পৰিচালনা কৰিছে হৰ্ষ বৰ্ধনে। উল্লেখ্য যে এনিমেলৰ প্ৰায় সকলো গীতেই দৰ্শকৰ মাজত জনপ্ৰিয় হৈছিল ৷ছবিখনৰ চিনেমাট’গ্ৰাফাৰ হৈছে জি কে বিষ্ণু, যিয়ে ইয়াৰ পূৰ্বে ‘জোৱান’ ছবিত কাম কৰিছিল। ছবিখনৰ সম্পাদক নবীন নুলী। জনা গৈছে যে তেওঁ ‘পুষ্পা ২’ ছবিৰ সম্পাদনাও কৰিব।
ইয়াৰ পূৰ্বে ১৯৯৭ চনত কাজল আৰু প্ৰভু দেৱাই তামিল ছবি মিনছাৰা কানাভুত অভিনয় কৰিছিল। ছবিখনৰ পৰিচালক ৰাজীৱ মেনন। কাজলৰ আগন্তুক ছবি হ’ল ‘ডো পট্টি’ আৰু ‘চৰজমিন’। আনহাতে, ৫ ছেপ্টেম্বৰত মুক্তি পাব প্ৰভু দেৱৰ নতুন ছবি ‘দ্য গ্ৰেটেষ্ট অৱ অল টাইম’।