বলীউডৰ জনপ্ৰিয় তথা শক্তিশালী অভিনেত্ৰী কাজলে তেওঁৰ আৰু জনপ্ৰিয় অভিনেতা অজয় দেৱগনৰ সম্পৰ্কৰ বিষয়ে শেহতীয়াকৈ এনে কেইবাটাও আচৰিত কথা প্ৰকাশ কৰিলে যাক শুনি আচৰিত হৈ পৰিছে তেওঁলোকৰ অনুৰাগীসকল ৷ অজয়ৰ সৈতে বিয়া হোৱাৰ পিছত হোৱা দুটা বেদনাদায়ক গৰ্ভপাত আৰু বহুতো কথা ক’লে অভিনেত্ৰী গৰাকীয়ে ৷
অজয় দেৱগণে কেতিয়াও তেওঁক দিয়া নাছিল প্ৰেমৰ প্ৰস্তাৱ-
কাজলে প্ৰকাশ কৰে যে অজয় দেৱগণে কেতিয়াও তেওঁক প্ৰেমৰ প্ৰস্তাৱ দিয়া নাছিল ৷ প্ৰথমতে তেওঁ অজয়ক বেয়া পাইছিল ৷ কিন্তু পিছত তেওঁলোক ‘হলচল’ৰ ছেটত বন্ধু হৈ পৰিছিল ৷ আনকি তেওঁৰ তেতিয়াৰ প্ৰেমিকৰ বিষয়ে তেওঁৰ সৈতে আলোচনাও কৰিছিল। পিছত কাজলৰ সেই প্ৰেমিকৰ সৈতে বিচ্ছেদ হৈছিল আৰু তেওঁলোকৰ সম্পৰ্ক নীৰৱে আৰম্ভ হৈছিল।
তেওঁলোকৰ মধুচন্দ্রিকাৰ দিনাই অসুস্থ হৈ পৰিছিল অজয় দেৱগন
অজয় দেৱগণ তেওঁলোকৰ মধুচন্দ্রিকাৰ দিনাই হঠাৎ অসুস্থ হৈ পৰিছিল কিয়নো কাজলে দীঘলীয়া মধুচন্দ্রিকাৰ দাবী কৰিছিল আৰু তেওঁলোক এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰোতে ৫ সপ্তাহতকৈও অধিক সময় অতিবাহিত কৰিছিল। তেওঁলোকৰ অন্তিম ইজিপ্ত ভ্ৰমণত অজয়ে অসুস্থ অনুভৱ কৰিছিল আৰু তেওঁ ঘৰলৈ উভতি আহিবলৈ টিকট বুক কৰিবলৈ কাজলক অনুৰোধ কৰিছিল।
কাজলে প্ৰকাশ কৰিলে তেওঁৰ বেদনাদায়ক গৰ্ভপাতৰ কথা
কাজলে তেওঁৰ বেদনাদায়ক গৰ্ভপাতৰ কথা স্মৰণ কৰি কয় যে তেওঁৰ প্ৰথম গৰ্ভপাত হৈছিল ‘কভি খুশী কভি গম’ ছবিখনৰ চিত্ৰ গ্ৰহণৰ সময়ত ৷ সেয়েহে তেওঁ কেতিয়াও ছবিখনৰ সফলতা উদযাপন কৰা নাছিল যিহেতু তেওঁ সেই সময়ত মাতৃত্বৰ এই গভীৰ বেদনাৰ সৈতে যুঁজ কৰি আছিল। দ্বিতীয়বাৰ তেওঁৰ পুনৰ গৰ্ভপাত হৈছিল যাৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁ অত্যন্ত কঠিন হৈ পৰা বুলি কৈছিল ৷
অৱশ্যে তেওঁলোকৰ দুই সন্তান নাইচা আৰু যুগক পাই ধন্য কাজল
দুই সন্তান নাইচা আৰু যুগক পাই এটা সম্পূৰ্ণ সুখী পৰিয়ালেৰে বৰ্তমান অত্যন্ত সুখী আৰু ধন্য বলীউডৰ মোহময়ী অভিনেত্ৰী কাজল