মীৰা নায়াৰৰ ‘নেমছেক’ৰ জৰিয়তে পৰিচিত হোৱা ভাৰতীয় মূলৰ হলিউড অভিনেতা কল পেন ওৰফে কল্পেন মোডীয়ে শেহতীয়াকৈ মিজকে সমকামী বুলি ঘোষণা কৰিছে আৰু বিগত ১১ বছৰ ধৰি একেলগে থাকি অহা যোছৰ সৈতে বিয়াত বহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ৪৪ বছৰীয়া কল পেনে প্ৰথমতে নিজৰ অভিভাৱক আৰু কেইজনমান ঘণিষ্ঠ বন্ধুক হে তেওঁৰ সমকামী সম্পৰ্কৰ বিষয়ে জনাইছিল আৰু পৰিয়াল আৰু বন্ধু বৰ্গৰ সহাৰি লাভ কৰি তেওঁ নিজকে ভাগ্যৱান যেন অনুভৱ কৰিছিল৷ এজন ভাৰতীয় হিচাপে পৰিয়াল আৰু বন্ধুবৰ্গৰ উপস্থিতিত হে তেওঁ বিয়াত বহিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷
মীৰা নায়াৰৰ ‘নেমকেছ’ ছবিখনত কল পেনে টাবু আৰু ইৰফান খানৰ সৈতে অভিনয় কৰি ৰাইজৰ সমাদৰ লাভ কৰিছিল৷
গুজৰাটৰ ভডোডৰা নিবাসী কল্পেন মোডী পেচাত এজন অভিযন্তা আছিল৷ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ নিৰ্বাচনী প্ৰচাৰত জড়িত হৈ তেওঁ দুবছৰ হোৱাইট হাউচত সহকাৰী সঞ্চালক ৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল৷