অভিনয়ৰ পৰাই ৰাজনীতিৰ জগতত ভৰি দিছে কংগনা ৰানাৱটে। তেওঁ প্ৰথমবাৰৰ বাবে প্ৰাৰ্থী হিচাপে সংসদীয় নিৰ্বাচনত জয়লাভ কৰে। হিমাচল প্ৰদেশৰ মণ্ডী আসন লাভ কৰি এতিয়া তেওঁ বিজেপিৰ সাংসদ। কিন্তু ইয়াৰ মাজতে কংগনাই মুম্বাইৰ বিলাসী ঘৰটো বিক্ৰী কৰাৰ খবৰ প্ৰকাশ পাইছে ! মুম্বাইৰ বান্দ্ৰা অঞ্চলৰ এই ঘৰটোত অৱস্থিত কংগনাৰ প্ৰডাকচন কোম্পানী ‘মণিকৰ্ণিকা ফিল্মছ’। সেই ঘৰটো অধিক মূল্যত বিক্ৰী কৰিছে অভিনেত্ৰীগৰাকীয়ে।
কংগনাই এতিয়া ৰাজনীতিৰ বাবে দিল্লী আৰু হিমাচল প্ৰদেশত বেছিভাগ সময় কটায়। সেইবাবেই তেওঁ মুম্বাইৰ ঘৰটো বিক্ৰী কৰিছে বুলি আৰম্ভ হৈছে জল্পনা-কল্পনা । প্ৰশ্ন হয়, ঘৰ বিক্ৰী কৰি কংগনাই মুম্বাই এৰিব নেকি? তেওঁৰ অভিনয় জীৱনৰ কি হ’ব?
অৱশ্যে অভিনেত্ৰীগৰাকীয়ে নিজেই এই খবৰৰ ওপৰত এতিয়াও কোনো মন্তব্য দিয়া নাই। মুম্বাইৰ এটা প্ৰডাকচন কোম্পানীৰ অফিচ বিক্ৰী হোৱাৰ খবৰ এটা হোম বাইং এণ্ড চেলিং ইউটিউব চেনেলে প্ৰকাশ কৰে। প্ৰডাকচন কোম্পানীটোৰ ঠিকনাৰ পৰা অনুমান কৰিব পাৰি যে সেইটো কংগনাৰ কোম্পানী। তাৰ পৰাই আৰম্ভ হৈছিল জল্পনা-কল্পনা।
কংগনাই নিজৰ দুমহলীয়া ঘৰটো ৪০ কোটি টকাত বিক্ৰী কৰিছে। ঘৰটোত ৫০০ বৰ্গফুটৰ গাড়ী পাৰ্কিং স্থানো আছে। এই ঘৰটোৰ ভিতৰৰ সজ্জাৰ বাবেও কংগনাই বৃহৎ পৰিমাণৰ ধন খৰচ কৰিছিল। ২০২০ চনত বৃহনমুম্বাই পৌৰ নিগমে লক্ষ্য কৰি লৈছিল এই ঘৰটো। কংগনাৰ ঘৰটো অবৈধ নির্মাণ বুলি চিহ্নিত কৰা হৈছিল৷ ইয়াৰ পিছত ভাঙি পেলোৱাৰ সিদ্ধান্ত লোৱা হ’ল। কিন্তু বম্বে উচ্চ ন্যায়ালয়ে স্থগিতাদেশ প্ৰদান কৰাৰ পিছতে ঘৰ ভাঙি পেলোৱাৰ কাম বন্ধ হৈ পৰে।
কিন্তু কংগনাই এতিয়া অভিনয় এৰিব বুলি কোনো ইংগিত পোৱা নাই। মন কৰিবলগীয়া যে ৰাজনীতিৰ উপৰিও কংগনাই তেওঁৰ পৰৱৰ্তী ছবি ‘ইমাৰ্জেন্সি’ৰ বাবেও প্ৰস্তুতি চলাইছে। তেওঁ কেৱল অভিনয়েই নহয়, এই ছবিখন পৰিচালনাও কৰিছে।