শেহতীয়া এক সাক্ষাৎকাৰত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱটে কৌতুক কৰি কৈছিল যে কাজিয়া কৰে বুলি বিয়পি পৰা উৰাবাতৰিৰ বাবেই বিয়া হোৱা নাই তেওঁৰ ৷ এই উৰাবাতৰিবোৰে তেওঁৰ বিষয়ে এক ধাৰণাৰ সৃষ্টি কৰিছে ।
বৰ্তমান কংগনাই তেওঁৰ স্পাই একচন-থ্ৰিলাৰ ‘ঢাকৰ’ৰ মুক্তিৰ বাবে অপেক্ষা কৰি আছে। চলচ্চিত্ৰখনত, কংগনাই এজেণ্ট অগ্নি নামৰ এজন চুপাৰ স্পাইৰ চৰিত্ৰত অভিনয় কৰিছে। অভিনেত্ৰীগৰাকীয়ে একচন-শক্তিশালী চৰিত্ৰটোৰ বাবে বিশেষ প্ৰশিক্ষণ লৈছে লগতে কিছুমান একচন চিকুৱেঞ্চ নিজে প্ৰদৰ্শন কৰিছে।
সিদ্ধাৰ্থ কান্ননৰ সৈতে হোৱা এক সাক্ষাৎকাৰত, অভিনেত্ৰীগৰাকীক সোধা হৈছিল যে তেওঁ বাস্তৱ জীৱনতো তেওঁৰ ‘ঢাকৰ’ৰ চৰিত্ৰৰ দৰেই নেকি ? অভিনেত্ৰীগৰাকীয়ে হাঁহি হাঁহি আৰু উত্তৰ দিছিল, “এনেকুৱা নহয়,বাস্তৱ জীৱনত মই কাক প্ৰহাৰ কৰিম? আপোনাৰ দৰে মানুহে এই উৰাবাতৰি বিয়পোৱাৰ বাবে মই বিয়া কৰাব পৰা নাই।” সিদ্ধাৰ্থই তেওঁক সুধিছিল যে তেওঁ কঠোৰ বুলি ধাৰণা কৰাৰ বাবেই বিয়া কৰিবলৈ অক্ষম নেকি কংগনা, কংগনাই অৰ্ধ-কৌতুককৰি উত্তৰ দিছিল, “হয়, কাৰণ মোৰ বিষয়ে উৰাবাতৰি বিয়পি পৰিছে যে মই ল’ৰাবোৰক মাৰপিট কৰিছো।”
এই বাৰ্তালাপৰ অংশ অৰ্জুন ৰামপালেও সিদ্ধাৰ্থৰ সৈতে কৌতুক কৰিছিল। পুৰুষসকলক কংগনা পৰ্দাত থকাৰ দৰে যুঁজাৰু নহয় বুলি জনাবলৈ অৰ্জুনক যেতিয়া কংগনাৰ ভাল গুণবোৰ তালিকাভুক্ত কৰিবলৈ কোৱা হৈছিল অৰ্জুনে উত্তৰ দিছিল “মই কেৱল এয়াই ক’ব পাৰোঁ যে কংগনা এগৰাকী চমৎকাৰী অভিনেত্ৰী। তেওঁ যি কৰে সেয়া এটা চৰিত্ৰৰ বাবে কিন্তু তেওঁ বাস্তৱ জীৱনত তেনে নহয়। বাস্তৱ জীৱনত তেওঁ অতি মৰমীয়াল আৰু ঈশ্বৰ বিশ্বাসী। কংগনাই পূজা-পাতলৰ লগতে যোগো কৰে। তেওঁ প্ৰকৃততে এগৰাকী অতি স্বাভাৱিক ব্যক্তি।”
কংগনা আৰু অৰ্জুনৰ উপৰিও ‘ঢাকৰ’ত দিব্যা দত্তয়ো অভিনয় কৰিছে। ৰজনীশ ঘাইৰ দ্বাৰা পৰিচালিত এই ছবিখন ২০ মে’ত মুক্তি পাব আৰু হিন্দী চলচ্চিত্ৰৰ প্ৰথম মহিলা নেতৃত্বাধীন স্পাই থ্ৰিলাৰ হিচাপে পৰিগণিত হ’ব কংগনা ৰাণাৱটে মুখ্য চৰিত্ৰ ৰূপায়ণ কৰা এই চলচিত্ৰ খন ৷