কাৰ্তিক আৰ্যন-কিয়াৰা আদৱানী অভিনীত ‘ভুল ভুলইয়া ২’য়ে ব্যাপক উত্তেজনাৰ সৃষ্টি কৰাৰ বাবে কংগনা ৰাণাৱটৰ সদ্য মুক্তিপ্ৰাপ্ত ‘ধাকাড়’ চলচ্চিত্ৰ গৃহত চলচ্চিত্ৰ প্ৰেমীসকলক প্ৰভাৱিত কৰাত ব্যৰ্থ হৈছিল।এক প্ৰতিবেদন অনুসৰি এই কথা পোহৰলৈ আহিছে যে, ছবিগৃহত ‘ধাকাড়’ৰ প্ৰথম দিনটোত মুষ্টিমেয় দৰ্শকহে আছিল। কোনো দৰ্শক নোহোৱাৰ বাবে সমগ্ৰ দেশৰ বহু স্থানত ছবিখনৰ প্ৰদৰ্শনী বাতিল কৰা হৈছিল। লগতে প্ৰতিবেদনখনত কোৱা হৈছে যে ‘শনিবাৰে, কেইবাখনো থিয়েটাৰে ‘ধাকাড়’ আঁতৰাই দিছিল কিয়নো ডাঙৰ একক পৰ্দাৰ থিয়েটাৰসমূহৰ ভিতৰত ১০-১৫জনতকৈ কম দৰ্শকৰ সৈতে ছবিখন প্ৰদৰ্শন কৰাৰ কোনো অৰ্থ নাছিল। মাল্টিপ্লেক্স ছবিগৃহ সমূহেও চিনেমাখনৰ প্ৰদৰ্শনী কিছু কম কৰি দিছে। আন ছবিগৃহ সমূহতো ‘ধাকাড়’ ৰ পৰৱৰ্তী প্ৰদৰ্শনীসমূহ ‘ভুল ভুলইয়া ২’ৰ সৈতে সলনি কৰা হ’ব বুলি জানিব পৰা গৈছে। মুম্বাইৰ এক উল্লেখযোগ্য মাৰাঠা মন্দিৰেও ছবিখনৰ ১ টা প্ৰদৰ্শনী অনুষ্ঠিত কৰিছিল কিন্তু দেওবাৰৰ পৰা এই প্ৰদৰ্শনী বন্ধ কৰি দিছিল।