শীঘ্ৰে বিগ স্ক্ৰীণত জীৱন্ত হৈ পৰিব বিশ্বকাপ ক্ৰিকেটত প্ৰথমবাৰৰ বাবে ভাৰতে জয়লাভ কৰা সোণসেৰীয়া মুহুর্ত ৷ কপিল দেৱৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলে বিশ্বকাপ জয়ৰ আধাৰত নির্মাণ কৰা নতুন ছবি ৮৩ অহা ২৪ ডিচেম্বৰত মুক্তি লাভ কৰিব ৷
বুধবাৰে মুম্বাইত ছবিখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হৈ যায় ৷ য’ত বলিউডৰ নামী দামী তাৰকাৰ লগতে বহুসংখ্যক ক্ৰীড়া তাৰকা উপস্থিত থাকে ৷ ছবিখনৰ মুল চৰিত্ৰত অভিনয় কৰা ৰণবীৰ সিং,দীপিকা পাডুকন, বেডমিণ্টন তাৰকা প্ৰকাশ পাডুকন, কপিল দেৱকে ধৰি বহু সংখ্যক তাৰকা উপস্থিত থাকে ৷
ছবিখনত কপিল দেৱৰ পত্নী ৰোমি ভাটিয়াৰ চৰিত্ৰত অভিনয় কৰিছে দীপিকাই ৷ মুম্বাইৰ উপৰি এই ছবিখনৰ গ্ৰেণ্ড প্ৰিমিয়াৰ চৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত হৈছিল। বিশ্বৰ সর্ব্বোচ্চ অট্টালিকা বুৰ্জ খলিফাত ৮৩ ট্ৰেইলৰ প্ৰদর্শিত হৈছিল ৷ ছবিখন পৰিচালনা কৰিছে কবিৰ খানে ৷
প্ৰিমিয়াৰত উপস্থিত হৈয়েই ক্ৰিকেট কিংবদন্তী কপিল দেৱে অভিনেতা ৰণবীৰক সাৱটি ধৰি ছবিখনৰ বাবে অভিনন্দন জ্ঞাপন কৰে ৷ আনহাতে , এটা ক’লা গাউন পৰিধান কৰি সকলোৰে দৃ্ষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয় দীপিকাই ৷