চলিত বৰ্ষৰ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে কপিল শৰ্মা শ্ব’ৰ নতুন ছিজন। অত্যন্ত জনপ্ৰিয় এই শ্ব’ত নতুন ছিজনত অন্তভুর্ক্ত হৈছে কেইবাজনো নতুন অভিনেতা ৷ ইয়াৰ লগে লগে তেওঁলোকৰ মজুৰিও সলনি হৈছে। কপিলৰ অনুষ্ঠানৰ পৰা এজন শিল্পীয়ে কিমান উপাৰ্জন কৰে আপুনি জানেনে ? প্ৰতিটো খণ্ডত অভিনেতাসকলে লোৱা পাৰিশ্ৰমিকৰ মূল্য শুনিলে আপুনিও হতবাক হৈ পৰিব ৷
কপিলে নিজেই প্ৰতিটো খণ্ডত সৰ্বাধিক ধন লাভ কৰে। প্ৰতিটো খণ্ডত থকাৰ বাবে তেওঁ লোৱা ধনৰাশি বাকী অভিনেতা সকলতকৈ বহু বেছি। প্ৰতিটো খণ্ডত অভিনয়ৰ বাবে কপিলে ১ কোটি টকা পাৰিশ্ৰমিক লয়। আনকি পূৰ্বৰ ছিজনতো তেওঁৰ প্ৰতিটো খণ্ডৰ পাৰিতোষিক আকাশলংঘী হৈছিল যদিও ই কেতিয়াও ১ কোটিৰ স্তৰ স্পৰ্শ কৰা নাছিল।
কমেডিয়ান সিদ্ধাৰ্থ সাগৰে শেহতীয়াকৈ দ্য কপিল শৰ্মা শ্ব’ত যোগদান কৰিছে। তেওঁৰ হাস্যৰসেৰে দৰ্শকক মোহিত কৰিছে। প্ৰতিটো খণ্ডতে দৰ্শকক মনোৰঞ্জন দিবলৈ সিদ্ধাৰ্থই ১১ লাখ টকা উপাৰ্জন কৰে।
এই ছিজনতো ‘ডল লণ্ড্ৰী’ৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকক মনোৰঞ্জন দিছে কিকু চাৰাডাই। নতুন ছিজনৰ প্ৰতিটো খণ্ডৰ বাবে কিকুৱে লয় ৬ লাখ টকা। টেলিভিছনৰ জনপ্ৰিয় অভিনেত্ৰী সৃষ্টি ৰোডো নতুন ছিজনত এক নতুন সংযোজন। কপিলৰ শ্ব’ত তেওঁৰ চৰিত্ৰৰ নাম ‘ঘজল’। শ্ব’টোৰ প্ৰতিটো খণ্ডতে ‘ঘজল’ হিচাপে ঘূৰি অহাৰ বাবে ৫ লাখ টকা লাভ কৰে সৃষ্টিয়ে।
কপিলৰ শৈশৱৰ বন্ধু চন্দন প্ৰভাকাৰে প্ৰথম ছিজনৰ পৰাই কপিলৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি আহিছে। এই শ্ব’টোত ‘চণ্ডু’ৰ চৰিত্ৰত তেওঁ অভিনয় কৰি আহিছে ৷ দ্য কপিল শৰ্মা শ্ব’ৰ বাবে তেওঁৰ পাৰিতোষিকৰ কোনো পৰিৱৰ্তন হোৱা নাই। চন্দনে আগৰ ছিজনতো প্ৰতিটো খণ্ডত ৫ লাখ টকা পাইছিল। নতুন ছিজনতো ৫ লাখ টকা গ্ড়ণ কৰি আহিছে ।
দ্বিতীয় ছিজনৰ মাজভাগৰ পৰাই অৰ্চনা মানসিংহে শ্ব’টোৰ মূল অতিথি হিচাপে কাম কৰি আহিছে। দ্বিতীয় ছিজনৰ মাজভাগৰ পৰাই অৰ্চনা পূৰণ সিংহই শ্ব’টোৰ মূল অতিথি হিচাপে কাম কৰি আহিছে। কপিল শৰ্মা শ্ব’ৰ প্ৰতিটো খণ্ডত মুখ্য অতিথি হিচাপে উপস্থিত হ’বলৈ অৰ্চনাই ১০ লাখ টকা লয়।
কপিল শৰ্মা শ্ব’ত কপিলৰ পৰ্দা পত্নী বিন্দু শৰ্মাৰ চৰিত্ৰত অভিনয় কৰিছিল সুমনা চক্ৰৱৰ্তীয়ে। প্ৰথম ছিজনৰ পৰাই সুমনা শ্ব’টোৰ এক অবিচ্ছেদ্য অংগ।শ্ব’টোৰ নতুন ছিজনৰ বাবে সুমনাৰ পাৰিতোষিক হৈছে প্ৰতিটো খণ্ডত ৭ লাখ টকা।
কপিলৰ এই অনুষ্ঠানৰ নতুন ছিজন আৰম্ভ হোৱাৰ পিছৰে পৰা ই কেইবাটাও বিতৰ্কৰ সন্মুখীন হৈছে।কপিলৰ শ্ব’ৰ অন্যতম জনপ্ৰিয় মুখ কৃষ্ণ অভিষেকে শ্ব’ এৰিলে। জনপ্ৰিয় কমেডিয়ান ভাৰতী সিং অনিয়মিত ৰূপত দেখা গ’ল।ইয়াৰ পূৰ্বে শ্ব’টোৰ অন্যতম জনপ্ৰিয় মুখ সুনীল গ্ৰ’ভাৰেও শ্ব’টো এৰি থৈ যায়। তেওঁৰ লগত কপিলৰ বিবাদো পোহৰলৈ আহিল।
সমালোচকসকলৰ মতে কপিলে মানি ল’ব নোৱাৰে যে তেওঁতকৈ আন কোনোবা বেছি জনপ্ৰিয় হৈ পৰে। সুনীল আৰু কৃষ্ণৰ জনপ্ৰিয়তাই তেওঁৰ জনপ্ৰিয়তাক আগুৰি ধৰিছে বুলি ভাবি এই দুই জনপ্ৰিয় মুখখন আঁতৰাই পেলাইছে।