বলিউডৰ মোহময়ী অভিনেত্ৰী কৰীণা কাপুৰৰ অনুৰাগীসকলৰ বাবে আছে এক সুখবৰ ৷ দ্বিতীয় সন্তান জন্ম হোৱাৰ পাচত অভিনয়ৰ পৰা আঁতৰি থকা অভিনেত্ৰী গৰাকীয়ে পুনৰ ভুমুকি মাৰিব ৰূপালী পর্দাত ৷ দ্বিতীয় সন্তান জেহৰ জন্মৰ পাছত বিৰতি লোৱা অভিনেত্ৰীগৰাকীয়ে পোন প্ৰথমবাৰৰ বাবে ভুমুকি মাৰিব অ’ টি টি প্লেটফর্মত ৷
সুজয় ঘোষৰ পৰৱৰ্তী ছবিৰ জৰিয়তে অ’টিটি প্লেটফ’র্মত আত্মপ্ৰকাশ কৰিব কৰীণাই । ছবিখনত জয়দীপ আহলাৱাত আৰু বিজয় বাৰ্মাই মুখ্য চৰিত্ৰত অভিনয় কৰিব ৷ ইনষ্ট্ৰাগ্ৰামৰ জৰিয়তে এই কথ সদৰী কৰি কৰীণাই কয় -“আন এক আৰম্ভনি… টুৱেলভ ষ্ট্ৰীট এণ্টাৰটেইনমেণ্ট আৰু নৰ্দাৰ্ণ লাইটছ ফিল্মছে বাউণ্ডস্ক্ৰিপ্ট আৰু ক্ৰছ পিকচাৰ্ছৰ সহযোগত নেটফ্লিক্স ছিৰিজ নির্মাণ কৰিছে ৷” সংবাদ মাধ্যমক এই খবৰ নিশ্চিত কৰি অভিনেত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্পৰ জৰিয়তে সন্তান জন্মৰ পিছত তেওঁ অভিনয় জগতলৈ উভতি আহিব। এই প্ৰকল্পটোক লৈ যথেষ্ট উৎসাহিত বুলিও তেওঁ প্ৰকাশ কৰে ৷ ছবিখনৰ পৰিচালক ঘোষ সন্দর্ভত কৰীণাই কয়, “মই তেওঁৰ চলচ্চিত্ৰ দেখিছোঁ আৰু মই তেওঁৰ কাম ভাল পাওঁ বুলি কোৱাৰ প্ৰয়োজন নাই। তেওঁৰ নিজা পদ্ধতি আৰু শৈলী আছে ৷”