বলিউড জগতত বলিছে বিয়াৰ বতাহ ৷ কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ বিয়া সুকলমে সম্পন্ন হোৱাৰ পিছত এইবাৰ বিয়াত বহিব সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী কৰিশ্মা তন্না ৷ কাইলৈ বৰুণ বংগেৰাৰ সৈতে হুমৰ গুৰিত বহিব মোহময়ী অভিনেত্ৰী গৰাকী ৷ জানিব পৰা মতে কৰিশ্মা তন্নাৰ হালধি উৎসৱ ইতিমধ্যেই সম্পন্ন হৈছে ৷ হালধি উৎসৱৰ ফুলেৰে সুসজ্জিত ফটো তেওঁ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰাৰ লগে লগেই সামাজিক মাধ্যমত ফটো ভাইৰেল হৈ পৰিছে আৰু তেওঁৰ অনুৰাগী সকলৰ আনন্দৰ সীমা নোহোৱা হৈছে ৷ শুভকামনা আৰু মৰম-আশীৰ্বাদেৰে ওপচাই দিছে দুয়োকে গুণমুগ্ধসকলে ৷
অৱশ্যে কৰ’ণা সৃষ্ট পৰিস্থিতিৰ বাবে বিয়াত অতিথিৰ সংখ্যা কিছু সীমিত হ’ব ৷ গোৱাৰ এখন ফাইভ-ষ্টাৰ হোটেলত হোমৰ অগ্নিক সাক্ষী কৰি জীৱনসংগী হ’ব কৰিশ্মা তন্না আৰু তেওঁৰ হ’বলগীয়া স্বামী বৰুণ বংগেৰা ৷ এই বিবাহ অনুষ্ঠানত অনিতা হসনন্দানী,ৰিদিমা পণ্ডিত,একতা কাপুৰকে আদি কৰি বহুকেইগৰাকী জনপ্ৰিয় তাৰকাক দেখা পোৱাৰ সম্ভাৱনা আছে ৷
প্ৰায় ২বছৰৰ পৰাই দুয়ো দুয়োকে লগ পাইছিল আৰু ক্ৰমান্বয়ে দুয়োৰে বন্ধুত্ব ৰূপান্তৰিত হৈছিল প্ৰেমলৈ ৷ যোৱা বছৰ ডুবাইত দুয়োয়ে দুয়োকে আঙঠি পিন্ধাইছিল আৰু এই বৰ্ষত দুয়ো চিৰজীৱনৰ বাবে বৈবাহিক বান্ধোনেৰে বান্ধ খোৱাৰ সিদ্ধান্ত লয় ৷ কাইলৈ অৰ্থাৎ ৫ফেব্ৰুৱাৰীৰ দিনা বিয়াত বহিব কৰিশ্মা তন্না আৰু বৰুণ বংগেৰা ৷