নিৰ্বাচনৰ পূৰ্বে ৰাজনীতিত তাৰকাই যোগ দিয়াটো নতুন কথা নহয়। লোকসভা হওক বা বিধান সভাই হওক – নিৰ্বাচনৰ আগে আগে তাৰকাসকলে ৰাজনীতিত যোগদান কৰে। উদাহৰণস্বৰূপে, বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ শিন্দেসেনা দলত যোগদান কৰিছে গোবিন্দই। শিন্দেসেনাৰ সূত্ৰ অনুসৰি লোকসভা নিৰ্বাচনত তেওঁক মুম্বাই উত্তৰ-পশ্চিম সমষ্টিৰ পৰা প্ৰার্থী হ’ব পাৰে। ইয়াৰ পিছত বনজুইৰ দৰে আন এক খবৰ বিয়পি পৰিছে । আগন্তুক লোকসভা নিৰ্বাচনত প্ৰার্থী হ’ব পাৰে কাপুৰ পৰিয়ালৰ দুই কন্যা কৰিশ্মা আৰু কৰীনা ।
লোলো আৰু বেবো। কাপুৰ পৰিয়ালৰ দুই কন্যাই ;বলিউডত লাভ কৰিছে সাফল্য ৷ দুই ভগ্নীক সঘনাই দেখা যায় একেলগে ৷ গতিকে এইবাৰ ৰাজনীতিৰ ক্ষেত্ৰখনত দুয়োকে একেলগে দেখা যাব নেকি বুলি মায়ানগৰীত যথেষ্ট চর্চা সৃষ্টি হৈছে । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ হাতত ধৰি শিৱসেনাত যোগদান কৰিবলৈ ওলাইছে কৰীনা আৰু কৰিশ্মাই। কিন্তু কাপুৰ ‘ভগ্নী’য়ে লোকসভাত শিৱসেনাৰ হৈ যুঁজিব নে নকৰে সেয়া জানিব পৰা হোৱা নাই। আগন্তুক নিৰ্বাচনত দুয়োগৰাকীয়ে শিৱসেনাৰ প্ৰাৰ্থীৰ বাবে প্ৰচাৰ চলোৱাও দেখা যাব পাৰে । কোনো এটা পক্ষই এই সন্দৰ্ভত কোনো কথা স্পষ্ট কৰা নাই। দুয়ো ভগ্নীয়ে শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছতে এই চর্চা আৰম্ভ হৈছে ৷