কোনো গডফাদাৰ নোহোৱাকৈয়ে বলিউডত খোপনি পুতিবলৈ সক্ষম হোৱা অভিনেতাসকলৰ অন্যতম হৈছে কাৰ্তিক আৰিয়ান ৷ গোৱালিয়ৰৰ ৰাজপথৰ পৰা ওলাই আহি অভিযান্ত্ৰিক পাঠ্যক্ৰম এৰি কাৰ্তিক নিজাববীয়াকৈ বলীউডত স্থান লাভ কৰিলে ।এইজন জনপ্ৰিয় অভিনেতাৰে আজি ওপজা দিন ৷ কাৰ্তিক আজি ৩২ বছৰ সম্পূৰ্ণ কৰিলে। এসময়ত মধ্যমীয়া আৰু নিম্ন বাজেটৰ ছবিত অভিনয় কৰা কার্তিক সম্প্ৰতি বলিউডৰ প্ৰথম শ্ৰেণীৰ ছবিৰ নায়ক ৷
কিন্তু এনেকৈ এদিনতে তেওঁ জনপ্ৰিয় হোৱা নাছিল। অভিভাৱকে বিচাৰিছিল কাৰ্তিক এজন অভিযন্তা হোৱাটো। যাৰ বাবে তেওঁ অভিযান্ত্ৰিক পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল ৷ ইয়াৰ মাজতে তেওঁৰ ছবিত নায়ক হোৱাৰ ইচ্ছা গঢ় লৈ উঠিছিল আৰু তেওঁ অভিযান্ত্ৰিক পাঠ্যক্ৰম এৰি ছবিৰ অডিচনলৈ আহে । দীর্ঘদিন সংগ্ৰাম কৰাৰ পিছত ‘প্যাৰ কা পঞ্চনামা’ ছবিত অভিনয়ৰ সুযোগ লাভ কৰে । প্ৰথমখন ছবি হিট হৈছিল যদিও কাৰ্তিক নিজে ইয়াৰ পৰা নতুন গাড়ী কিনিবলৈ পৰ্যাপ্ত ধন লাভ কৰা নাছিল । সেয়েহে তেওঁ প্ৰথমে থাৰ্ড হেণ্ড গাড়ী এখন ক্ৰয় কৰে ৷ কম বাজেটৰ ছবি আৰু থাৰ্ড হেণ্ড গাড়ীৰে ছবি জগতত যাত্ৰা আৰম্ভ কার্তিকে এখন ছবিৰ বাবে বর্তমান ৩৫-৪০ কোটি মাচুল লাভ কৰিছে। এতিয়া কাৰ্তিকে ৪.৫ কোটি টকাৰ লেম্বৰঘিনিত অহা যোৱা কৰে ৷
সৰুৰে পৰাই কাৰ্তিক অভিনেতা হ’ব বিচাৰিছিল। সেই কাৰণে কলেজত পঢ়ি থাকোঁতে তেওঁ ক্লাছ নকৰাকৈ চিনেমাৰ অডিচনলৈ গৈছিল। কলেজৰ সময়তে কাৰ্তিকে মডেলিং কেৰিয়াৰ আৰম্ভ কৰিছিল। কাৰ্তিক য’তেই অডিচন দিবলৈ গৈছিল তাতেই তেওঁক নাকচ কৰা হৈছিল। অডিচনত ধাৰাবাহিকভাৱে বিফল হোৱাৰ পিছত অভিনয়ৰ পাঠ্যক্ৰমো কৰিছিল।
কলেজৰ তৃতীয় বৰ্ষত পঢ়ি থাকোঁতে কাৰ্তিক প্ৰথমবাৰৰ বাবে ফিল্ম ব্ৰেক পাইছিল। কাৰ্তিকে অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল প্যাৰ কা পুঞ্চনামা ছবিৰ জৰিয়তে। এই ছবিখনত চহী কৰাৰ পিছতহে তেওঁ পিতৃ-মাতৃক প্ৰথমখন ছবি লাভ কৰাৰ বিষয়ে অৱগত কৰে।
প্ৰথমখন ছবিৰ বাবে কাৰ্তিকে লাভ কৰিছিল ১.২৫ লাখ টকা। ১০ কোটিৰ বাজেটত নিৰ্মিত এই ছবিখনে বক্স অফিচত ১৭ কোটি টকা সংগ্ৰহ কৰে। তেওঁ এতিয়ালৈকে ১২খন ছবিত কাম কৰিছে, য’ত আছিল এখন চুটি ছবি আৰু এখন ছবি ‘ধমাকা’ অ’টিটিত মুক্তি পাইছিল। সম্প্ৰতি কাৰ্তিকে এখন ছবিৰ বাবে প্ৰায় ৩৫ৰ পৰা ৪০ কোটি টকা মাচুল হিচাপে লয়। ভূল ভুলাইয়া ২ ছবিখনৰ সফলতাৰ পিছত তেওঁৰ সম্পত্তি বৃদ্ধি পায়। এই ছবিখন মুক্তি পোৱাৰ আগতে কাৰ্তিকে এখন ছবিৰ বাবে প্ৰায় ১৫ৰ পৰা ১৬ কোটি টকা লৈছিল ৷
কাৰ্তিকৰ প্ৰথমখন ছবিয়ে বক্স অফিচত এটা মান্য সংগ্ৰহ কৰিছিল, তথাপিও তেওঁৰ হাতত ৰেড কাৰ্পেটৰ ইভেণ্টলৈ যাবলৈ নিজা গাড়ী নাছিল। কাৰ্তিকে এটা সাক্ষাৎকাৰত কৈছিল যে প্ৰথম দুখন ছবিৰ পিছত তেওঁ এখন গাড়ী কিনিছিল ৷ সেইখনো থাৰ্ড হেণ্ড ৷ যাৰ মূল্য আছিল ৬০ হাজাৰ টকা। সম্প্ৰতি কেইবাখনো বিলাসী বাহনৰ মালিক ৷