‘টাইটানিক’ হলিউডৰ সৰ্বকালৰ অন্যতম জনপ্ৰিয় ছবি। ১৯১২ চনৰ ১৪ এপ্ৰিলত টাইটানিক জাহাজ ডুব যোৱাৰ আধাৰত এই ছবিখনৰ চিত্ৰনাট্য নিৰ্মাণ কৰা হৈছে। ১৯৯৭ চনৰ ডিচেম্বৰ মাহত জেমছ কেমেৰনৰ ছবি ‘টাইটানিক’ ছবিগৃহত মুক্তি লাভ কৰে। লিঅ’নাৰ্ডো ডিকেপ্ৰিঅ’ আৰু কেট উইন্সলেটে মুল চৰিত্ৰত অভিনয় কৰিছে। মুক্তিৰ পাছত এই ছবিখনে জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰিছিল। ইয়াৰ পিছৰ বছৰ অৰ্থাৎ ১৯৯৮ চনত ছবিখনে একাডেমী বঁটাত মুঠ ১৪টা শাখাত মনোনয়ন লাভ কৰে। মুঠ ১১টা অস্কাৰ লাভ কৰে। মুক্তিৰ ২৫ বছৰতকৈও অধিক সময় পাৰ হৈ গ’ল যদিও ‘টাইটানিক’ৰ জনপ্ৰিয়তা এতিয়াও হ্ৰাস পোৱা নাই। শেহতীয়াকৈ জেমছ কেমেৰনৰ ছবিখন ২৫ বছৰৰ পাছত পুনৰ ছবিগৃহত মুক্তি পাইছে। ছবিখনক লৈ অনুৰাগীৰ উৎসাহ যে কমি যোৱা নাই, ইয়াৰ প্ৰমাণ শেহতীয়াকৈ পোৱা গৈছে।
কেট উইন্সলেট ওৰফে ৰ’জৰ গোলাপী ৰঙৰ অভাৰকোটটো মনত আছেনে? লিঅ’নাৰ্ডো ডিকেপ্ৰিঅ’ ওৰফে জেকক বিচাৰিবলৈ একাঁঠু পানীৰে যোৱাৰ সময়ত পৰিধান কৰিছিল অভাৰকোটতো ৷ এইবাৰ নিলাম কৰা হ’ব গোলাপী ৰঙৰ এই অভাৰকোটটো। নিউ জাৰ্চিৰ গোল্ডিন নামৰ এটা কোম্পানীয়ে এই অভাৰকোটটো নিলাম কৰিবলৈ ওলাইছে ৷ যিটো অভাৰকোটত ক’লা ৰঙৰ ওপৰত গোলাপী ৰঙৰ কাম কৰা হৈছে। ১৩ ছেপ্টেম্বৰত নিলাম কৰা হ’ব এই অভাৰকোট। কোম্পানীটোৰ বিষয়া কেন গোল্ডিনে দাবী কৰিছে যে নিলামত অভাৰকোটৰ মূল্য এক লাখ ডলাৰতকৈ অধিক হ’ব। ভাৰতীয় মুদ্ৰাত সেইটো প্ৰায় ৮৩ লাখ টকাৰ সমান। এই অভাৰকোটে এতিয়ালৈকে নিলামত ৩৪ হাজাৰ ডলাৰ লাভ কৰিছে, যিটো ভাৰতীয় মুদ্ৰাত ২৮ লাখ টকাৰ অলপ বেছি।
‘টাইটানিক’ৰ সাজ-পোছাক ডিজাইনাৰ আছিল ডেব’ৰা লিন স্কট। তেওঁৰ তত্বাৱধানত গোলাপী ৰঙৰ অভাৰকোটটো জে পিটাৰমেন কোম্পানীয়ে প্ৰস্তুত কৰিছিল। কেটে ছবিখনৰ শেষৰ বেছিভাগ দৃশ্যই গোলাপী উলৰ দ্বাৰা নিৰ্মিত ক’লা পেটাৰ্ণযুক্ত অভাৰকোট পিন্ধি শ্বুট কৰিছিল। ডেবৰা লিন স্কটে ১৯৯৮ চনত সাজ-পোছাকৰ ডিজাইনৰ বাবে অস্কাৰ বঁটা লাভ কৰিছিল।