শেহতীয়াকৈ ৰবীনা টেণ্ডনৰ সলনি কেটৰিনা কাইফৰ দৰে এগৰাকী যুৱ অভিনেত্ৰীক ‘টিপ টিপ বৰচা’ৰ ৰিমিক্সত স্থান দিয়াৰ বাবে মুকলিকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বলিউডৰ জনপ্ৰিয় তথা শক্তিশালী অভিনেত্ৰী ৰবীনা টেণ্ডনে কয় যে, এক নিৰ্দিষ্ট বয়সৰ মহিলাক লৈ ভয় খোৱাৰ প্ৰৱণতা বলীউডত লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে ৷ এক বিৰাট পৰিৱৰ্তন আহি আছে বলিউড জগতত ৷
অভিনেত্ৰীগৰাকীয়ে এটা নিউজ পৰ্টেলৰ এক সাক্ষাৎকাৰত কৈছিল যে , ই এক ভাল লগা কথা কিয়নো আইটেম চং বোৰৰ জৰিয়তে তেওঁলোকে এটা নতুন বিট, এক নতুন জীৱন লাভ কৰিছে। যুৱপ্ৰজন্মই তেওঁলোককো ভাল পায় ৷
অভিনেত্ৰীগৰাকীয়ে তেওঁৰ সমসাময়িক অভিনেত্ৰী সকলক প্ৰশংসা কৰি কয় যে শিল্পা চেট্টী, কাজল আৰু সেই সময়ৰ আন বহুতকেই তেওঁ সদায়েই ধুনীয়া দেখে আৰু তেওঁলোকক দেখি আৰু আধিক আত্মবিশ্বাসী হৈ উঠে।
কৰ্মক্ষেত্ৰত মোহময়ী অভিনেত্ৰী গৰাকীক শেষবাৰৰ বাবে ‘আৰণিয়াক’ত দেখা গৈছিল যিটো এটা অ’টিটি প্লেটফৰ্মত মুকলি কৰা হৈছিল। অনুষ্ঠানটোৱে দৰ্শক আৰু সমালোচকসকলৰ পৰা একেধৰণে ইতিবাচক সমালোচনা লাভ কৰিছিল। ইয়াত পৰমব্ৰত চেটাৰ্জী আৰু আশুতোষ ৰাণাও মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।
ৰবীনাক পৰৱৰ্তী সময়ত যশ আৰু সঞ্জয় দত্তৰ সৈতে ‘কেজিএফ চেপ্টাৰ ২’ত দেখিবলৈ পাব তেওঁৰ অনুৰাগী সকলে ।