আপুনি বাৰু জানেনে ভাৰতৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ চানুৰ প্ৰকৃত নাম কি ? ১৯৫৭চনৰ ২০অক্টোবৰত ক’লকাতাত জন্মগ্ৰহণ কৰা ভাৰতৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ চানুৰ প্ৰকৃত নাম কেদাৰনাথ ভট্টাচাৰ্য ৷
অৱশ্যে সংগীত প্ৰেমী সকলক ভালেসংখ্যক জনপ্ৰিয় গীত উপহাৰ দিয়া ভাৰতীয় কণ্ঠশিল্পী কেদাৰনাথ ভট্টাচাৰ্য কুমাৰ চানু বুলিহে অধিক জনপ্ৰিয় সকলোৰে মাজত ৷ বলীউডৰ ‘মেল’ডিৰ ৰজা’ ৰূপে খ্যাত কুমাৰ চানুৰ বৰ্তমান বয়স ৬৪ বছৰ।
এদিনত ২৮ টা গান ৰেকৰ্ডিং কৰাৰ বাবে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হোৱা এইগৰাকী শিল্পীৰ বৈবাহিক জীৱন আৰম্ভ হোৱাৰ আগতে তেওঁৰ জীৱনলৈ আহিছিল বহু কেইগৰাকী নাৰী ৷
আমাৰ বহুতেই হয়তো নাজানে যে সমগ্ৰ দেশৰ সংগীত জগতৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ চানু দুবাৰকৈ বিবাহ পাশত আবদ্ধ হৈছিল। ৮০ ৰ দশকত তেওঁ প্ৰথমবাৰ বিবাহপাশত আৱদ্ধ হৈছিল ৰীতা ভট্টাচাৰ্যৰ সৈতে আৰু তেওঁলোক দুয়োৰে তিনিগৰাকী পুত্ৰ ক্ৰমে জেছি, জীকো আৰু জান ।
ইয়াৰ পিছত ১৯৯৩ চনত,কুমাৰ চানু অভিনেত্ৰী কুনিকা লালৰ সৈতে সম্পৰ্কলৈ অহাৰ বাবে তেওঁ বৈবাহিক জীৱনত কিছু সমস্যাৰ সৃষ্টি হয় ।জানিব পৰা মতে মহেশ ভট্টৰ ছবি ‘জুৰ্ম’ৰ প্ৰিমিয়াৰৰ সময়ত চানু বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী মীনাক্ষী শেষাদ্ৰীৰ প্ৰতিও আকৰ্ষিত হৈছিল। অৱশ্যে চানুৰ প্ৰথম পত্নী ৰীতাই জানিব পাৰিছিল তেওঁৰ স্বামীৰ অভিনেত্ৰী মীনাক্ষীৰ সৈতে থকা সম্পৰ্কৰ কথা ।অৱশ্যে কুমাৰে পিছত এই কথা অস্বীকাৰ কৰে যদিও পৰৱৰ্তী সময়ত প্ৰথমা পত্নী ৰীতাৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদ হয় ।
বিবাহ বিচ্ছেদৰ পিছত তেওঁ মীনাক্ষীৰ পৰাও পৃথক হয় আৰু দ্বিতীয়বাৰৰ বাবে শাল’নী চানুৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু পুনৰ শ্যানন আৰু আনা নামৰ দুগৰাকী কন্যা সন্তানৰ পিতৃ হয় শিল্পীগৰাকী ।উল্লেখনীয় যে শিল্পীগৰাকীৰ জ্যেষ্ঠ কন্যা শ্যাননে ২০১৪ চনত ইউকেত তেওঁৰ ইংৰাজী সংগীত এলবাম এটিও মুকলি কৰিছিল।