বলীউডৰ জনপ্ৰিয় যুতি কেট্ৰিণা আৰু বিকিৰ বিয়ালৈ আৰু মাত্ৰ কেইটামান দিন বাকী । ইতিমধ্যে জানিব পৰা মতে কেট্ৰিনা কাইফ আৰু বিকি কৌশলে ডিচেম্বৰত ৰাজস্থানত বিবাহ পাশত আৱদ্ধ হ’বলৈ সাজু হৈছে ৷অৱশ্যে যুতিটোৱে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে মুকলিকৈ এতিয়াও প্ৰকাশ কৰা নাই। সেয়েহে চাৰিওফালে তেওঁলোকৰ অনুৰাগীসকলে চৰম প্ৰত্যাশা আৰু উৎকণ্ঠাৰে অপেক্ষা কৰি আছে বিয়াৰ দিনটোলৈ। যদিও দুয়োজন তাৰকাই ডিচেম্বৰৰ প্ৰথম সপ্তাহান্তত বিবাহ পাশত আৱদ্ধ হ’ব বুলি জানিব পৰা গৈছে তথাপি তেওঁলোকে এতিয়ালৈকে এই ক্ষেত্ৰত আনুষ্ঠানিক ভাৱে একো কথা ঘোষণা কৰা নাই৷