বলিউডৰ দুই তাৰকাৰ বিবাহক লৈ অনুৰাগীৰ মাজত অব্যাহত আছে ব্যাপক চর্চা ৷ বহুলভাবে চর্চিত এই যুটী হৈছে বিকি কৌশল আৰু কেটৰিনা কাঈফ ৷ ৰাজস্থানৰ এটা বিলাসী ৰাজমহলত হ’বলগীয়া এই বিবাহ অনুষ্ঠানক লৈ সমগ্ৰ ৰাজ্যখনতে পৰিলক্ষিত হৈছে উখল মাখল পৰিৱেশ ৷
বিশেষকৈ বহুসংখ্যক তাৰকাই অংশগ্ৰহণ কৰিবলগীয়া এই অনু্ষ্ঠানৰ সুৰক্ষা ব্যৱস্থাক লৈ তৎপৰ হৈ পৰিছে ৰাজস্থান প্ৰশাসন ৷ প্ৰাপ্ত তথ্য অনুসৰি অহা ৬ ডিচেম্বৰত ৰাজস্থানত উপস্থিত হ’ব কেট-বিকি ৷
অহা ৯ ডিচেম্বৰত ছিক্স চেনচ ফর্টত দুয়োগৰাকী তাৰকাৰ বিবাহ অনুষ্ঠিত হ’ব ৷ বিবাহত মুঠ ১২০ গৰাকী অতিথি উপস্থিত থাকিব ৷ ৭ ডিচেম্বৰৰ পৰা অতিথিসকল ৰাজস্থানত উপস্থিত হ’ব ৷
অবশ্যে অতিথিৰ তালিকা এতিয়াও প্ৰকাশ কৰা হোৱা নাই ৷ কেটৰিনাৰ প্ৰাক্তন প্ৰেমিক চলমান খানক এতিয়াও বিয়ালৈ নিমন্ত্ৰন জনোৱা হোৱা নাই বুলি চর্চা লাভ কৰিছে ৷