মুম্বাইৰ জুহুৰ উপকণ্ঠত ৭৪৭০ বৰ্গফুট মাটি ক্ৰয় কৰিছে ছবি নির্মাতা ছাজিদ নাদিয়াৱালাই। তেওঁ নিজৰ প্ৰডাকচন কোম্পানী নিৰ্মাণৰ বাবে ৩১ কোটি ৩ লাখ টকা খৰচ কৰিছিল। এপ্ৰিল মাহত এই চুক্তি স্বাক্ষৰিত হৈছিল। ইতিমধ্যে ছাজিদৰ কোম্পানীয়ে ষ্টাম্প ডিউটিৰ বাবে ১ কোটি ৮৭ লাখ টকা আদায় দিছে।
দশক দশক ধৰি ছবি প্ৰযোজনাৰ সৈতে জড়িত হৈ আছে ছাজিদৰ পৰিয়াল। নদিয়াদৱালা গ্ৰেণ্ডছন এণ্টাৰটেইনমেণ্টে ২০০ৰো অধিক ছবি নিৰ্মাণ কৰিছে। ছাজিদে ‘বাঘী’, ‘বাঘী ২’, ‘হিৰোপন্তী’, ‘কিক’ আদি বহু ছবি নিৰ্মাণ কৰিছিল। শেহতীয়াকৈ মুক্তি পোৱা ‘হাউছফুল ৪’, ‘জুৰুৱা ২’ ছবিখনেও ছাজিদৰ প্ৰডাকচনৰ প্ৰতি ইমানেই সঁহাৰি পাইছিল যে ছিকুৱেল নিৰ্মাণ কৰা হৈছিল। ছাজিদৰ পৰৱৰ্তী ছবি ‘সত্য প্ৰেম কি কথা’ আহি আছে। ইয়াত মুখ্য চৰিত্ৰত অভিনয় কৰিছে কাৰ্তিক আৰ্য্য আৰু কিয়াৰা আদৱানীয়ে।
ছাজিদৰ ব্যক্তিগত জীৱনৰ কাহিনীৰ অন্ত নাই। ১৯৯২ চনৰ ১০ মে’। বলীউডৰ অভিনেত্ৰী দিব্যা ভাৰতীয়ে ছাজিদৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কিন্তু ছাজিদ আৰু দিব্যাৰ সুখী পৰিয়ালটো এবছৰো স্থায়ী নহ’ল। বিয়াৰ দহ মাহৰ পাছত তেওঁলোকৰ ঘৰৰ পঞ্চম মহলাৰ পৰা পৰি দিব্যৰ মৃত্যু হয়। এই ঘটনাত ছাজিদ বৰ ভাঙি পৰিছিল। নিজকে আৰু ব্যস্ত কৰি তুলিলে।
বলীউডৰ অভিনেত্ৰী টাবুৱে দিব্যাৰ ঘনিষ্ঠ বন্ধু হোৱাৰ বাবে ছাজিদক আগৰ পৰাই চিনি পাইছিল। দিব্যাৰ মৃত্যুৰ পিছত টাবুৱে ছাজিদৰ সৈতে এখন ছবিৰ কাম আৰম্ভ কৰে। দুয়োজনে একেলগে কাম কৰি আছিল ‘জীত’ ছবিখনৰ বাবে। শ্বুটিঙৰ সময়ত ছাজিদে তাবুৰ লগত নিজৰ সুখ-দুখৰ কথা ভাগ কৰিছিল। দুয়োৰে বন্ধুত্ব গভীৰ হৈ পৰে আৰু ছাজিদে নজনাকৈয়ে টাবুৰ প্ৰেমত পৰে।
গোপনে আঙঠি বিনিময় কৰা বুলি চৰ্চা চলিছে। যদিও টাবুৱে বিয়াত সন্মতি দিয়া নাছিল। টাবুৰ লগত বিচ্ছেদ ঘটাৰ পিছত ছাজিদে ৱৰ্দা খান নামৰ এজন সাংবাদিকক লগ পায়। ২০০০ চনত ছাজিদে তেওঁৰ সৈতে বিবাহপাশত আবদ্ধ হয়।