দীঘলীয়া জল্পনা-কল্পনাৰ অন্ত পৰিল । অৱশেষত ঘোষণা কৰা হ’ল শ্বাহৰুখ খানৰ প্ৰথমখন পান ইণ্ডিয়ান ছবি ‘জৱান’ৰ মুক্তিৰ তাৰিখ। দক্ষিণৰ পৰিচালক এটলীৰ এই ছবিখনেৰে সৰ্বভাৰতীয় অভিষেক ঘটাবলৈ ওলাইছে বলীউডৰ কিং খানে । ছবিখনৰ ঘোষণাৰ পিছৰে পৰা দৰ্শকৰ মাজত উত্তেজনাৰ সৃষ্টি হৈছিল। কিন্তু অনুৰাগীৰ মাজত উৎসাহ বৃদ্ধি পোৱাৰ পাছতো বাৰে বাৰে উজুটি খাইছে ‘জৱান’। কোনোবা নহয় কোনোবা কাৰণত ছবিখনৰ মুক্তিৰ তাৰিখত কেইবাবাৰো বিভ্ৰান্তিৰ সৃষ্টি হৈছে। কোৱা হৈছিল যে জুন মাহত শ্বাহৰুখৰ ছবিখন ছবিগৃহত মুক্তি পাব। প্ৰথম অৱস্থাত ২ জুন তাৰিখে ছবিখনৰ মুক্তিৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু পাছত পোষ্ট প্ৰডাকচন আৰু ভিএফএক্সৰ কামৰ বাবে মুক্তিৰ দিন পিছুৱাই দিয়াৰ কথা ঘোষণা কৰিছিল । এটলীৰ পৰিচালনাত নিৰ্মিত এই ছবিখন আগষ্ট মাহতো মুক্তি পাব বুলি চৰ্চা চলিছিল। কিন্তু সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই শনিবাৰে ঘোষণা কৰা হ’ল ‘জৱান’ৰ মুক্তিৰ তাৰিখ। অহা ৭ ছেপ্টেম্বৰত ‘জৱান’ ছবি পৰ্দাত ঘূৰি আহিব শ্বাহৰুখ খান। হিন্দীৰ বাহিৰেও শ্বাহৰুখৰ প্ৰথমখন প্যান ইণ্ডিয়ান ছবি তামিল আৰু তেলেগু ভাষাত মুক্তি পাব ৷
‘পাঠান’ৰ পিছত শ্বাহৰুখ খানক পুনৰ দেখা যাব শেহতীয়া একচন ধাৰাবাহিক ছবিত। শ্বাহৰুখে ছবিখনৰ কেইবাটাও একচন দৃশ্যৰ বাবে সম্পূৰ্ণ প্ৰশিক্ষণ লৈছে। ইয়াৰ উপৰিও অভিনেতাগৰাকীয়ে তামিল ভাষাও আয়ত্ত কৰিছে। আটলীয়ে পৰিচালনা কৰা এই ছবিখনত শ্বাহৰুখৰ সহ-অভিনেতাসকলৰ অধিকাংশই মূলতঃ তামিল উদ্যোগৰ তাৰকা। বিজয় সেঠুপতিৰ পৰা নয়নতৰা, প্ৰিয়মণিলৈকে সকলো তামিল তাৰকা। পৰিচালক এটলীৰ পৰামৰ্শ মতে শ্বাহৰুখে তামিল ভাষা শিকিবলৈ পলম নকৰিলে। আনকি, শ্বাহৰুখ খানে ছবিখনৰ তামিল গীতত কণ্ঠদান কৰিছে। শনিবাৰে ‘জৱান’ৰ মুক্তিৰ তাৰিখ ঘোষণা কৰি টিজাৰটো মুকলি কৰে তাৰকাগৰাকীয়ে নিজেই।
শ্বাহৰুখ খানক ‘জৱান’ ছবিত দ্বৈত চৰিত্ৰত দেখা যাব। এটলীৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত বলীউডৰ অভিনেত্ৰী সন্যা মালহোট্ৰাকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। বলীউডৰ অভিনেতা সঞ্জয় দত্ত আৰু দক্ষিণৰ তাৰকা আল্লু অৰ্জুনেও বিশেষ চৰিত্ৰত অভিনয় কৰিছে ৷