‘লক আপ’ৰ শেহতীয়া খণ্ডত, চাইশা চিন্দে, পায়েল ৰোহতগী আৰু পুনম পাণ্ডেয়ে তেওঁলোকৰ ব্যক্তিগত জীৱনৰ বিষয়ে ইজনে সিজনৰ সৈতে কিছু কথা আলোচনা কৰিছিল। পুনমে তেওঁৰ ইতিমধ্যে বিবাহ বিচ্ছেদ হোৱা স্বামী চেম বোম্বাইৰ ওপৰত ঘৰুৱা উৎপীড়নৰ অভিযোগ উত্থাপন কৰিছিল, আনহাতে চাইশা চিন্দেয়েও তেওঁৰ ব্যক্তিগত জীৱনৰ একে ধৰণৰ কিছু অভিজ্ঞতা ভাগ বতৰা কৰিছিল।
চাইশা শিন্দে, যি পূৰ্বতে স্বপ্নিল আছিল আৰু পৰৱৰ্তী সময়ত অস্ত্ৰোপচাৰৰ যোগেদি নাৰীৰ শৰীৰ ধাৰণ কৰিছিল ৷ এজন ল’ৰাৰ সৈতে সম্পৰ্কত আছিল চাইশা , যিয়ে সেই সময়ত তেওঁক মানসিকভাৱে অত্যাচাৰ কৰিছিল। অভিজ্ঞতাৰ কথা মনত পেলাই চাইশাই কয়, ” মোক উৎপীড়ন কৰা হৈছিল কিন্তু ই শাৰীৰিক নাছিল, ই আন এটা স্তৰত মানসিক উৎপীড়ন আছিল।
চাইশা শিন্দে এগৰাকী প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ আৰু কংগনা ৰাণাৱট, কৰীণা কাপুৰ খান আৰু আন বহুতো জনপ্ৰিয় বলীউড চেলিব্ৰিটিৰ লগত তেওঁ ইতিমধ্যে কাম কৰিছে। আনকি তেওঁ ২০২১বৰ্ষৰ মিছ ইউনিভাৰ্ছ চূড়ান্ত প্ৰতিযোগিতাৰ বাবে হৰনাজ কৌৰ সান্ধুৰ গাউনটো ডিজাইন কৰিছিল।
চাইছাৰ পৰিয়ালে তাইৰ সিদ্ধান্তক যথেষ্ট সমৰ্থন কৰিছিল কিন্তু তাই এগৰাকী ট্ৰেন্সৱ’মেন হিচাপে পৰিচিত হোৱাত অসুবিধাৰ সন্মুখীন হৈছিল। ‘লক আপ’ৰ গ্ৰেণ্ড প্ৰিমিয়াৰত, তেওঁ কৈছিল যে সমাজত এগৰাকী ট্ৰেন্সৱ’মেন হিচাপে পৰিচয় পোৱাটো তেওঁৰ বাবে অতি কঠিন আছিল আৰু পৰিচয় অবিহনে, জীৱনত সকলো কঠিন আছিল। তেওঁ লগতে ইয়াকো কৈছিল যে আধাৰ কাৰ্ডৰ বাবে নিজৰ বাবে ঘৰ বিচাৰি উলিওৱাৰ দৰে মৌলিক কামবোৰ কৰাটোও তেওঁৰ বাবে যথেষ্ট কঠিন আছিল। তেওঁ সন্মুখীন হোৱা এই সংগ্ৰামবোৰৰ বিষয়ে প্ৰকাশ কৰাৰ সময়ত, চাইশাই কৈছিল যে যদিও চলচ্চিত্ৰ নিৰ্মাণ কৰা হয় আৰু মানুহে ট্ৰেন্সজেণ্ডাৰ সম্প্ৰদায়ক সমান অধিকাৰ দিয়াৰ কথা কয়, বাস্তৱত ই বহুত বেলেগ কিয়নো সমাজত ই এতিয়াও গ্ৰহণযোগ্য নহয়।
শেহতীয়া এটা খণ্ডত, চাইশাই লগতে কৈছিল যে অস্ত্ৰোপচাৰ কৰাৰ আগতে তেওঁ কেইবাগৰাকীও মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ পৰামৰ্শৰ বাবে গৈছিল। তেওঁৰ সতীৰ্থসকলৰ সৈতে কথা পাতি তেওঁ কৈছিল, “মই খুব ‘হাট্টা খাট্টা টাইপ’ আছিলোঁ। সেয়েহে প্ৰথম তিনিজন মনোৰোগ বিশেষজ্ঞই মোক কৈছিল, ‘ইয়ে তুম কেয়া কৰ ৰহে হো, এইটো ভুল। আপুনি ইমান ধুনীয়া, সুন্দৰ, আপুনি ইয়াৰ মাজেৰে যোৱাৰ প্ৰয়োজন নাই। এইটো মাত্ৰ এটা পৰ্যায়, ইয়ে তো নিকল জায়েগা।”
এটা সময়ত চাইশাই উপলব্ধি কৰিছিল যে তেওঁ ১৫ বছৰ বয়সত পুৰুষৰ প্ৰতি আগ্ৰহী আছিল। নিজৰ পৰিচয়ৰ বিষয়ে বিভ্ৰান্ত হৈ থেৰাপী লৈছিল চাইশাই আৰু ৪০ বছৰ বয়সত অস্ত্ৰোপচাৰ কৰাৰ পিছত এতিয়া তেওঁ গৌৰৱেৰে এগৰাকী ট্ৰেন্সৱ’মেন হিচাপে জীৱন উদযাপন কৰি আছে ।