কিং অৱ বলিউড ৷ এই আখ্যাৰেই বিভুষিত হৈ আহিছে তেওঁ ৷ কেইবাটাও দশক দশক ধৰি ভাৰতীয় মনোৰঞ্জন জগতখনক সমৃদ্ধি কৰি আহিছে তেওঁ ৷ বহুতে ক’বলৈ আৰম্ভ কৰিছিল যে তেওঁৰ ছবি আৰু নচলিব ৷ বলিউডত তেওঁৰ দিন উকলিল ৷ কিন্তু সেয়া ভুল প্ৰমাণিত কৰি পাঠান আৰু জোৱান ছবিৰে তেওঁ পুনৰ ৰজাৰ দৰে ওভতি আহিল ৷ হয়, আমি ক’ব বিচাৰিছো শ্বাহৰুখ খানৰ কথা ৷ আজি বলিউডৰ কিং শ্বাহৰুখ খানৰ ওপজা দিন ৷ ৫৮ বছৰীয়া হ’ল কিং খান ৷
জন্মদিন উদযাপনৰ বাবে ১ নৱেম্বৰৰ নিশা তেওঁৰ বাসগৃহ মন্নতৰ সন্মুখত উপস্থিত হৈ অগণন অনুৰাগীয়ে শুভেচ্ছা জনায়। তেওঁক এবাৰ চাবলৈ ‘মন্নত’ৰ সন্মুখত ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰি থাকিল অনুৰাগীসকলে । কিন্তু এই বিশেষ দিনটোত অনুৰাগীক কেতিয়াও নিৰাশ নকৰে তেওঁ ৷ এইবাৰো ১ নৱেম্বৰৰ মাজনিশা অনুৰাগীৰ সপোন পূৰণ কৰিলে নায়কে। ঘৰৰ ওচৰৰ চিনাকি বেলকনিখনলৈ আহি অনুৰাগীৰ শুভেচ্ছা জ্ঞাপন কৰিলে ৷ ডেনিম জিন্স, ক’লা টি-চাৰ্ট, ক’লা কেপ আৰু চশমা পিন্ধি ৰেলিঙত উঠি তেওঁ অনুৰাগীক দিলে ফ্লায়িং কিছ ৷ লগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। প্ৰিয় নায়কক দেখি অনুৰাগীসকল আনন্দিত হৈ পৰে ৷
শ্বাহৰুখে এইবাৰ ভাৰতীয় চিনেমাৰ তাৰকাসকলৰ সৈতে জন্মদিন কটাব । জন্মদিনত শ্বাহৰুখক বিশেষ উপহাৰ দিছে পৰিচালক ৰাজকুমাৰ হিৰাণীয়ে। বৃহস্পতিবাৰে মুক্তি লাভ কৰিছে শ্বাহৰুখৰ পৰৱৰ্তী ছবি ‘ডাংকি’ৰ টিজাৰ।