বিবাহ বিচ্ছেদৰ পিছতে পুনৰ আন এক সুন্দৰীৰ প্ৰেমত পৰিছে পপ গায়ক হানি সিং ৷ বছৰৰ শেষত লুকঢাক নকৰাকৈ পপ তাৰকা হানি সিঙে প্ৰেয়সীৰ সৈতে ৰাজহুৱাভাৱে দেখা দিছিল ৷ দিল্লীৰ এক অনুষ্ঠানত হানীৰ হাতত ধৰি থকা দেখা গৈছিল মডেল অভিনেত্ৰী টিনা থাৰানীক। হানিৰ নতুন মিউজিক এলবাম ‘পেৰিছ কা ট্ৰিপ’ৰো নামো দিছে টিনাই। গীতটিৰ ভিডিঅ’তো আত্মপ্ৰকাশ কৰিছে হানি-প্ৰিয়াই। সম্পৰ্কৰ পিছত প্ৰথমবাৰৰ বাবে মুখ খুলিছে টিনাই ৷
যোৱা বছৰৰ এপ্ৰিল মাহৰ পৰা দুয়োৰে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল । টিনাই কয় যে হানীক লগ পোৱাৰ সময়ত তেওঁ আকর্ষিত হৈছিল ৷ সম্পৰ্কটোক পৰৱৰ্তী পৰ্যায়লৈ লৈ যাবলৈ তেওঁলোক আগ্ৰহী হৈ পৰিছিল ৷ বৰ্তমানৰ প্ৰতিটো মুহূৰ্ত তেওঁলোকে একেলগে উপভোগ কৰিছে বুলি উল্লেখ কৰে ৷ দুয়োটা পৰিয়ালে এই সম্পৰ্কক মানি লোৱাত অতিশয় সুখী বুলিও তেওঁ কয় ।
ইফালে হানীৰ প্ৰাক্তন পত্নী শালিনী তালৱাৰৰ সৈতে কিছুমাহ পূর্বে বিচ্ছেদ ঘটিছিল । কণ্ঠশিল্পীগৰাকীয়ে শালীনীক ১ কোটি টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিছিল ৷ ইফালে টিনাৰ সৈতে নতুন সম্পৰ্কৰ ঘোষণা কৰে । যদিও ঘোষণাৰ বহু আগতেই তাৰকা দম্পতীহালৰ মাজত প্ৰেমৰ সম্পর্ক গঢ়ি উঠিছিল