দীপিকা পাডুকন বৰ্তমান মুম্বাই চলচ্চিত্ৰ জগতৰ আটাইতকৈ ব্যয়বহুল অভিনেত্ৰী। ৰণবীৰ সিঙৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পূর্বে দীপিকা পাডুকনৰ উদ্যোগপতি বিজয় মালিয়াৰ পুত্ৰ সিদ্ধাৰ্থ মালিয়াৰ সৈতে আছিল দীর্ঘদিন প্ৰেমৰ সম্পর্ক ।
এই সম্পৰ্ক স্থায়ী নহ’ল। অৱশেষত ২০১৮ চনৰ নৱেম্বৰ মাহত ৰণবীৰ সিঙৰ সৈতে দীপিকা বিবাহপাশত আৱদ্ধ হয় ৷ এইবাৰ বিবাহ পাশত আৱদ্ধ হ’ব দীপিকাৰ প্ৰাক্তন প্ৰেমিক সিদ্ধাৰ্থ মালিয়া ৷
সিদ্ধাৰ্থই নিজৰ দীৰ্ঘদিনীয়া প্ৰেমিকা জেচমিনৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ব ৷সিদ্ধার্থই এখন ছবি পোষ্ট কৰি লিখিছে, “বিয়াৰ সপ্তাহ আৰম্ভ হৈছে।” ২০২৩ চনত সিদ্ধাৰ্থই জেচমিনক বিয়াৰ প্ৰস্তাৱ দিছিল। সেই সময়ত তেওঁ ছচিয়েল মিডিয়াত দুখন ছবি শ্বেয়াৰ কৰিছিল। তেওঁ যোৱা বছৰ এক হেল’ৱিন পাৰ্টিত জেচমিনক প্ৰেমৰ প্ৰস্তাৱ দিছিল । এই সপ্তাহত সিদ্ধাৰ্থ-জেচমিনৰ বিবাহ অনুষ্ঠান সম্পন্ন হ’ব ৷
উল্লেখ্য যে দীপিকাক এসময়ত সিদ্ধাৰ্থৰ সৈতে একেলগে দেখা গৈছিল ৷ ৰণবীৰ কাপুৰৰ লগত বিচ্ছেদ হোৱাৰ পিছত সিদ্ধাৰ্থৰ সৈতে সম্পর্ক স্থাপন হয় দীপিকাৰ আই পি এলৰ ভি আই পি ষ্টেণ্ডত হ দীপিকা আৰু সিদ্ধার্থক একেলগে দেখা গৈছিল ৷