আমি সাধাৰণতে চিনেমাত এজন নায়কৰ প্ৰেম কাহিনী দেখা পাওঁ । কিন্তু কেৱল যে এজন নায়কৰ জীৱনতেই যে প্ৰেম কাহিনী থাকে এনে নহয় ৷ এজন খলনায়কৰো প্ৰেম কাহিনী থাকিব পাৰে। হিন্দী চলচ্চিত্ৰত প্ৰায়ে ছোৱালীক বেয়া আচৰণ কৰা খলনায়কজন বাস্তৱ জীৱনত অতি দয়ালু আৰু নিকা অন্তৰৰ। তেনে এজন অভিনেতা হ’ল অমৰীশ পুৰী, যাৰ কণ্ঠ আৰু অভিনয়ে প্ৰতিগৰাকী নাৰীক মোহিত কৰে ৷ অৱশ্যে এইজন অভিনেতা প্ৰথম দৃষ্টিতেই তেওঁৰ ভাৱী পত্নীৰ প্ৰেমত পৰিছিল। আজি অমৃশ পুৰী আৰু তেওঁৰ প্ৰেয়সী উৰ্মিলা দিৱেকাৰৰ বিবাহ বাৰ্ষিকী উপলক্ষে আকচোন জনোঁ অমৃশ পুৰীৰ প্ৰেম কাহিনী ।
বলীউডত মুগেম্বো নামেৰে পৰিচিত প্ৰবীণ অভিনেতা অমৰীশ পুৰীক হয়তো সদায় ৰূপালী পৰ্দাত খলনায়ক হিচাপে দেখা গৈছিল যদিও বাস্তৱ জীৱনত তেওঁ আছিল অতি সহজ আৰু হৃদয়বান ব্যক্তি। বাস্তৱ জীৱনত তেওঁ অভিনয় কৰা চৰিত্ৰবোৰৰ বিপৰীতে তেওঁ কেৱল নিজৰ পত্নীক ভাল পাইছিল।
অমৃশ পুৰীয়ে উৰ্মিলা দিৱেকাৰক লগ পাইছিল তেওঁ কেৰাণী হিচাপে কাম কৰা বীমা কোম্পানী এটাত । এই অফিচতে তেওঁ উৰ্মিলাক লগ পাইছিল। সহজ সৰল উৰ্মিলা দিৱেকাৰক দেখি অমৰিছে তেওঁক ভাল পাই পেলাইছিল আৰু উৰ্মিলায়ো অমৃশ পুৰীক লগ পাই প্ৰেমত পৰিছিল । সেই সময়ত অমৰীশ আৰু উৰ্মিলাৰ দুয়োৰে পৰিয়ালৰ সদস্যই এই সম্পৰ্কত আপত্তি কৰিছিল। আচলতে অমৃশ আৰু উৰ্মিলা দুয়োজনেই বেলেগ বেলেগ ঠাইৰ আছিল। অমৰীশ আছিল পাঞ্জাবী আৰু উৰ্মিলা আছিল দক্ষিণ ভাৰতীয়।কিন্তু অৱশেষত দুয়োৰে প্ৰেমৰ ওচৰত পৰিয়ালৰ লোকে হাৰ মানিব লগা হৈছিল আৰু তাৰ পিছত দুয়োজন বিবাহ পাশত আবদ্ধ হৈছিল। অমৰীশ আৰু উৰ্মিলাই বিয়াৰ পিছতো বহুদিন একেলগে কাম কৰি থাকিল।
চিনেমাত খলনায়ক নহয় নায়ক হ’বলৈ হ’ব। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত অভিনেতাগৰাকীৰ নাতি বৰ্ধনে কয় যে তেওঁৰ ককাক অৰ্থাৎ অমৃশ পুৰী সদায় নায়ক হ’বলৈ বিচাৰিছিল, কিন্তু তেওঁ সদায় খলনায়কৰ ভূমিকাহে লাভ কৰিছিল। অভিনয়ক নিজৰ আত্মাত ধাৰণ কৰা শিল্পীজনে অভিনয় জগতত আগুৱাই যাবলৈকে চাকৰি এৰিবলগীয়া হৈছিল ।
বলীউড জগতত অমৰীশ পুৰীৰ প্ৰাৰম্ভিক দিনবোৰ আছিল সংগ্ৰামেৰে ভৰা । ৪১ বছৰ বয়সত অভিনেতা গৰাকীয়ে এই উদ্যোগটোত সফলতা আৰু স্বীকৃতি লাভ কৰে। কিন্তু তেওঁক সকলোৱে এজন খলনায়ক হিচাপেই চিনি পালে । ‘দিলৱালে দুলহনিয়া লে জায়েংগে, ‘কৰণ অৰ্জুন’ আৰু ‘নায়ক: দ্য ৰিয়েল হিৰো’ ‘মিষ্টাৰ ইণ্ডিয়া’ আদি ছবিত অভিনয় কৰা এগৰাকী মহান ভাৰতীয় অভিনেতা অমৃশ পুৰীক কেতিয়াও পাহৰিব নোৱাৰে চলচ্চিত্ৰ প্ৰেমীয়ে । ২০০৫ চনৰ ১২ জানুৱাৰীত ৭২ বছৰ বয়সত ৫০০ৰো অধিক হিন্দী ছবিত অভিনয় কৰা এইগৰাকী জনপ্ৰিয় অভিনেতাৰ মগজুৰ ৰক্তক্ষৰণৰ বাবে দেহাৱসান ঘটে ।